চৰকাৰক বাধ্য কৰাবলৈ খেলপথাৰৰ আন্দোলন ৰাজপথলৈ আহিব লাগিব:অখিল গগৈ

Pic

"আন্দোলনকাৰী নেতৃত্বৰ মাজত বিভাজন হ'ব নালাগে।ঐক্যবদ্ধ আন্দোলন লাগে।কোনোপধ্যে যাতে অসমীয়া জাতি বিশ্বাসঘাটকতাৰ বলি হ'ব লগা নহয়"-সোমবাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ 'নিয়া'ৰ আদালতত এইদৰে কয় কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে।অসমবাসীৰ ৰাইজক আহ্বান জনায় আদালতৰ চৌহদত চিঞৰি চিঞৰি গগৈয়ে কয়-"খেলপথাৰৰ পৰা সংগ্রাম ৰাজপথলৈ আন্দোলন আহিব লাগে।চৰকাৰক বাধ্য কৰিব লাগে।চৰকাৰক যদি বাধ্য কৰিব নোৱাৰো তেন্তে এই চৰকাৰে কেতিয়াও আমাৰ কাম কৰি নিদিয়ে।" কৃষক মুক্তি সংগ্রাম সমিতিৰ আন এজন সদস্য ধৈর্য কোঁৱৰে ৰাইজক আহ্বান জনায় কয়-"আন্দোলন জোৰদাৰ হ'ব লাগে।এইবাৰ যদি আমি আন্দোলনত জিকিব নোৱাৰো তেন্তে অসমতে অসমীয়া ভগনীয়া হ'ব।" উল্লেখ্য যে মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত 'নিয়া'ৰ হাতত গ্ৰেপ্তাৰ হোৱা কৃষক মুক্তি সংগ্রাম সমিতিৰ দুই নেতাৰ সৈতে ভাতৃ সংগঠন ছাত্ৰ মুক্তিৰ দুই নেতা মানস কোঁৱৰ আৰু বিতু সোণোৱালৰ ন্যায়িক জিম্মাৰ ম্যাদৰ অন্ত পৰাত কটকটীয়া নিৰাপত্তাৰ মাজেৰে সোমবাৰে পুনৰ হাজিৰ কৰোৱা হয় চানমাৰিস্থিত 'নিয়া'ৰ আদালতত।আদালতৰ চৌহদতে চাৰিওজন সংগ্রামী নেতাই জয় আই অসম, 'কা' বাতিল হব লাগিব আদি ধ্বনিৰে উত্তাল কৰি তোলে। ইফালে,চাৰিওগৰাকী সংগ্রামী নেতাক পুনৰ ১৪দিনৰ বাবে প্ৰেৰণ কৰে ন্যায়িক জিম্মালৈ।পুনৰ ২৫ ফেব্ৰুৱাৰীত হাজিৰ কৰোৱা হ'ব আদালতত।

Your Comments