দেশৰ ৰাজহুৱা খণ্ডৰ বেংক কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত মাৰ্চ মাহত পুনৰ তিনিদিনৰ বাবে পালন কৰিব ধৰ্মঘট কাৰ্যসূচী।সেই অনুসৰি ১১ৰ পৰা ১৩মাৰ্চলৈকে কৰ্মচাৰীসকলে বেংক সেৱা বন্ধ কৰি পালন কৰিব ধৰ্মঘট কাৰ্যসূচী।এই কথা জানিবলৈ দিছে ভাৰতীয় বেংক কৰ্মচাৰী ফেডাৰেচন আৰু নিখিল ভাৰত বেংক কৰ্মচাৰী সন্থাই।উল্লেখ্য যে চলিত বর্ষৰ ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত দেশৰ প্ৰায় ১০ লাখ কৰ্মচাৰীয়ে বহুকেইটা দাবীৰে গ্ৰহণ কৰিছিল ধৰ্মঘট কাৰ্যসূচী।তাৰে ভিতৰত আছিল ২০ শতাংশ দৰমহা বৃদ্ধি দাবী।সেই অনুসৰি ভাৰতীয় বেংক সন্থাৰ সৈতে বৈঠকত মিলিত হৈছিল।কিন্তু উক্ত বৈঠকত তেওঁলোকৰ দৰমহা বৃদ্ধি প্ৰসংগই কোনো ফল নধৰাত পুনৰ ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে।
আনহাতে,গুৰুত্বপূৰ্ণ কথা এই যে কৰ্মচাৰীসকলে তিনিদিনৰ বাবে ধৰ্মঘট কাৰ্যসূচী পালন কৰিলেও কিন্তু বেংক সেৱা বন্ধ হ'ব পাঁচ দিনৰ বাবে।কিয়নো ১৪মাৰ্চ মাহৰ দ্বিতীয়তো শনিবাৰ আৰু ১৫মাৰ্চ দেওবাৰ।গতিকে উক্ত সময়ছোৱাত জনসাধাৰণ এটিএম সেৱাৰ পৰাও বঞ্চিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
ইফালে কৰ্মচাৰীসকলৰ এই দাবীসমূহ যদি মানি নলয়,তেন্তে অহা ১ এপ্ৰিলৰ পৰা অনিৰ্দিষ্টকালৰ বাবে ধৰ্মঘটত বহিব বেংক কৰ্মচাৰীসকলে।
- Log in to post comments
- 32 views