বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা-৩০ জনগোষ্ঠীয় সংগঠন, অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদ আৰু শিল্পী সমাজৰ উদ্যোগত শনিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীতো ৰূপায়ণ কৰা হয় 'জোঁৰ সমদল' শীর্ষক প্ৰতিবাদী কাৰ্যসূচী।মহানগৰীৰ লতাশিলস্থিত 'আছু'ৰ মুখ্য কাৰ্যালয় শ্বহীদ ভৱনৰ পৰা আৰম্ভ কৰা জোঁৰ সমদলত অংশগ্ৰহণ কৰে প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে।লগতে আছু,যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ উপৰিও সমদলত অংশগ্ৰহণ কৰে শিল্পী সমাজৰ হৈ অভিনেতা অৰুণ হাজৰিকাই। দাবী স্পষ্ট 'কা' বাতিল আৰু অসম চুক্তিৰ প্ৰতিটো দফাৰ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হ'ব লাগিব বুলি উল্লেখ কৰে 'আছু'ৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বড়ো শান্তি চুক্তিৰ কোকৰাঝাৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰি 'কা' আন্দোলন দেশবিৰোধী বুলি কোৱা প্ৰসংগক উভতি ধৰি ভট্টাচাৰ্যই কয়-"দেশৰ নাগৰিক অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ জলাঞ্জলি দি 'কা' আমাৰ ওপৰত জাপি দিয়াটো দেশবিৰোধী কাম।অসম চুক্তিক উলংঘা কৰি অবৈধ বিদেশীক নাগৰিকত্ব দিব বিচৰাটো দেশবিৰোধী কাম।ধৰ্ম ভিত্তিত, সংবিধানৰ প্ৰস্তাৱনাৰ উলংঘা কৰি 'কা' আমাৰ ওপৰত জাপি দিয়াটো দেশবিৰোধী কাম।কিন্তু অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী,ভাষা-ভাষী লোকে নিজৰ দেশক ৰক্ষা কৰিবলৈ আৰু 'কা' বাতিল কৰিবলৈ কৰা আন্দোলনতো এটা দেশপ্ৰেমিক আৰু অসমপ্ৰেমী আন্দোলন।" প্ৰধানমন্ত্ৰীগৰাকীয়ে এনে মন্তব্য কৰাৰ পৰা বিৰত থাকক বুলি উল্লেখ কৰি ভট্টাচাৰ্যই মোডীক প্ৰত্যাহ্বান জনাই কয়-"কা বাতিল আৰু অসম চুক্তি ৰূপায়ণৰ বিষয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজহুৱা বিতৰ্কত অংশগ্ৰহণ কৰক।" "মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসমৰ মন্ত্ৰী-বিধায়ক সকলে নৰেন্দ্ৰ মোদী ৰঙা চকুলে ভয় খাব পাৰে।অসমৰ ৰাইজে ভয় নাখায়।অহিংস গণতান্ত্ৰিকভাৱে আন্দোলন চলিছে আৰু চলিব"-এইদৰে কয় আছুৰ সভাপতি দীপাংকৰ নাথে। মোডী চৰকাৰ দেশপ্রেমিক নহয়। তেওঁলোকে মানৱতাৰ শ্ৰাদ্ধ পাতিছে।উত্তৰ প্ৰদেশত ১৬জন আৰু অসমত ৬জন নিৰীহ ব্যক্তিক হত্যা কৰিছে।গতিকে তেওঁলোকে ক্ষমা খোজা উচিত বুলি দাবী কৰে সভাপতি নাথে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় "কা' যেতিয়ালৈকে বাতিল নহ'ব তেতিয়ালৈ আমাৰ সংগ্রাম যৌথভাৱে আগবাঢ়িব।"
- Log in to post comments
- 14 views