শিল্পী সমাজৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি বিজেপি আইটি কোষৰ প্ৰশ্ন শিল্পী জুবিন গাৰ্গলৈ

Pic

ৰাজ্যৰ শিল্পী সমাজে বিজেপিৰ আইটি কোষক প্ৰত্যাহ্বান জনাই জুবিন গাৰ্গৰ নেতৃত্বত প্ৰস্তুত কৰিছিল নাগৰিকত্ব সংশোধনী আইন বিৰোধী এটা ৱেবচাইট।ছ'চিয়েল মিডিয়াত শিল্পীসমাজে গঠন কৰিবলৈ চেষ্টা কৰিছে 'কা' বিৰোধী জনমত।শিল্পী সমাজে বিজেপি আইটি চেলক প্ৰত্যাহ্বান জনাই মুকলি কৰা ৱেবচাইটৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে কৰিছে বিজেপি  আইটি কোষে।

উল্লেখ্য যে বৃহস্পতিবাৰে জুবিন গাৰ্গৰ নেতৃত্বত শিল্পী সমাজে  www.assamagainstcaa.in নামেৰে ৱেবছাইট মুকলি কৰি বিজেপি আইটি কোষক প্ৰত্যাহ্বান জনাইছিল।বিজেপি আইটি কোষৰ প্ৰাক্তন আহ্বায়ক,বিজেপিৰ যুৱ নেতা,মিডিয়া পেনেলিষ্ট সুৰঞ্জন দত্তই শিল্পী সমাজৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি কয়-‘মুৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই ভাল।'

বিজেপিৰ যুৱ নেতা দত্তই জুবিন গাৰ্গক প্ৰশ্ন কৰি উল্লেখ কৰিছে-"পলিটিক্স নকৰিবা বন্ধু বুলি গান গোৱা জুবিন গাৰ্গে ৱেবছাইট মুকলি কৰি বিজেপিৰ বিৰুদ্ধে কৰিছে নেকি ৰাজনীতি?"

দত্তই লগতে কয় যে বিজেপি ৪২ লাখ সদস্যৰে এক বৃহৎ শক্তি।১৫০০ টকীয়া ভক্ত আখ্যাই বিচলিত নকৰে বিজেপিক।২০২১ৰ নিৰ্বাচনত অধিক শক্তিশালী ৰূপত বিজেপি আইটি কোষে দল আৰু চৰকাৰক তথ্য-প্ৰযুক্তিৰ জৰিয়তে মানুহৰ মাজলৈ লৈ যাব।

Your Comments