শনিবাৰে দিল্লীৰ নিৰ্বাচনত পৰিয়ালক লগত লৈ ভোটদান কৰে মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে।ভোট দিয়াৰ পূৰ্বে পিতৃ-মাতৃৰ ভৰি চুই আশীৰ্বাদ লয় আম আদমী পাৰ্টীৰ সমন্বয়ক অৰৱিন্দ কেজৰিৱালে।মাতৃয়ে কেজৰিৱালৰ কপালত তিলক লগাই আশীৰ্বাদ দিয়ে।কেজৰিৱালে কয় যে 'আপ' বিজয়ী হ'ব বুলি তেওঁ নিশ্চিত।কেজৰিৱালে মুখ্যমন্ত্ৰী আৱাসৰ কিছু দূৰৰ ৰাজপুৰা পথৰ পৰিবহণ বিভাগৰ ভোটকেন্দ্রত ভোট দিয়ে।
- Log in to post comments
- 24 views