শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাৰ ৩৭ সংখ্যক সংস্কৰণ প্ৰকাশ কৰা হয়।২০২০-২১ বর্ষৰ পূৰ্ণাংগ পঞ্জিকাখন প্ৰকাশ কৰি সম্পাদক ভৱেশ কুমাৰ শৰ্মাই শনিবাৰে অনুষ্ঠিত হ'ব লগা দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত কয়-"কর্মত্ৰুটি মংগল তুংগী অৱস্থাত থকাৰ বাবে আম-আদমীৰ প্ৰতি সু-নাম আহিব।দিল্লীত আপ চৰকাৰে গঠিত হ'ব।" 'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বিষয়টো চলি থাকিব।কেন্দ্ৰ চৰকাৰৰ লগত আলোচনা আৰু ন্যায়ালয়ে অসমৰ ক্ষেত্ৰত আইনখনৰ সন্দৰ্ভত কিছু সকাহ প্ৰদান কৰিব যদিও সম্পূৰ্ণৰূপে শেষ নহয় 'কা'ৰ বিষয়টো"-সম্পাদক শৰ্মাই কয়।
- Log in to post comments
- 99 views