আৰবিআইৰ নির্দেশ নামানে ৰাজ্যৰ মাইক্ৰ'ফ্ৰাইনেঞ্চ প্ৰতিষ্ঠানে:উজনি অসমত ২২ গৰাকী মহিলাৰ আত্মহনন

Pic

"'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বিৰোধী আন্দোলনত সকলো ব্যস্ত হৈ থকাৰ সময়তে ৰাজ্যত ভয়াৱহ ৰূপত ঠন ধৰি উঠিছে ঋণ প্ৰদানকাৰী মাইক্ৰ'ফাইনেন্স প্ৰতিষ্ঠান।ৰাজ্যত বৰ্তমান সময়ত এনে ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানৰ সংখ্যা হৈছে ২৬টা"- এই গুৰুত্বপূৰ্ণ তথ্য দুৰ্নীতি বিৰোধী যুৱ-শক্তি, অসমৰ।শুকুৱাবাৰে সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে মাইক্ৰ'ফাইনেন্স প্ৰতিষ্ঠানসমূহক ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই বান্ধি দিয়া কেইটামান গুৰুত্বপূৰ্ণ নির্দেশ বা চৰ্ত ৰাজহুৱা কৰি কয়-"ৰাজ্যত ঋণ প্ৰদানকাৰী ৯৯ শতাংশ মাইক্ৰ'ফাইনেন্স কোম্পানীয়ে মানি নচলে আৰবিআইয়ে বান্ধি দিয়া চৰ্তসমূহ।ফলত, গ্ৰাহকসকল ঋণ লৈ শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতিত হৈছে।" সংগঠনটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান সময়ত ৰাজ্যত চলি থকা আৰোহণ,আশা,বন্ধন,আৰজিভিএনকে আদি কৰি প্ৰায় ২৬ টাকৈ ঋণ প্ৰদান কৰা প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ যোৱা দুটা বছৰত কেৱল উজনি অসমতে ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহননৰ দৰে পথ বাছি লৈ মৃত্যু হৈছে ২২ গৰাকীকৈ মহিলাৰ।তাৰে ১২ গৰাকী মহিলাৰ মৃত্যু হৈছে ২০১৯বর্ষত। উল্লেখ্য যে সংগঠনটোৱে ৰাজহুৱা কৰা অনুসৰি আৰবিআইয়ে বান্ধি দিয়া নির্দেশনাসমূহৰ ভিতৰত আছে- 'গ্ৰামাঞ্চলত বছৰি সৰ্বাধিক ১ লাখ আৰু নগৰাঞ্চলত সৰ্বাধিক ১.৬০ লাখ টকা উপাৰ্জন কৰা লোককহে ঋণ দিব পাৰিব।সেই ঋণৰ পৰিমাণ সৰ্বাধিক হ'ব লাগিব ১লাখ টকা।কিন্তু বৰ্তমান ঋণ প্ৰদান কৰি থকা কোম্পানীসমূহে ঋণ দিয়াৰ আগত বছৰি উপাৰ্জনৰ কোনো প্ৰমাণপত্ৰ সংগ্ৰহ নকৰে।' 'ঋণীৰ সুবিধা অনুসৰি ঋণৰ কিস্তি পৰিশোধ সাপ্তাহিক,পষেকীয়া আৰু মাহেকীয়া হ'ব লাগে।লগতে ঋণ প্ৰচেছিং চার্জ মুঠ টকা এক শতাংশৰ অধিক হ'ব নোৱাৰিব।কিন্তু এই নিয়মসমূহ কাৰ্যকৰী নকৰে প্ৰতিষ্ঠানসমূহে'-এই অভিযোগ সভাপতি গগৈৰ। 'ইয়াৰ উপৰিও আন এটা গুৰুত্বপূৰ্ণ নির্দেশনা হৈছে কোনো এজন ব্যক্তিয়ে যদি দুটা প্ৰতিষ্ঠানৰ পৰা ইতিমধ্যে ঋণ গ্ৰহণ কৰি থৈছে,তেন্তে সেই ঋণ পৰিশোধ সম্পূৰ্ণ নোহোৱাকৈ কোনো প্ৰতিষ্ঠানে ঋণ দিব নোৱাৰিব।কিন্তু বৰ্তমান সময়ত এগৰাকী ব্যক্তিয়ে দুইৰ পৰা চাৰিটাকৈ প্ৰতিষ্ঠানৰ পৰা একে সময়তে লাভ কৰিছে ঋণ।যাৰ ফলত ঋণ প্ৰদান কৰোঁতে গ্ৰাহকগৰাকী সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে'-গগৈয়ে কয়। আনহাতে,উজনি অসমত ঋণৰ বোজা সহিব নোৱাৰি মৃত্যুক আকোৱালি লোৱা ঘটনাসমূহৰ উচিত তদন্ত কৰি ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদমেলৰ জৰিয়তে অসম চৰকাৰক আহ্বান জনায়।

Your Comments