কোকৰাঝাৰত আজি বড়ো শান্তি চুক্তিৰ বিজয় উৎসৱত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে তেওঁ এই চুক্তিৰ জড়িয়তে স্থায়ী শান্তি স্থাপন হোৱাৰ লগতে সকলো জাতি-জনগোষ্ঠীৰ বিকাশ সাধন হ'ব।ভাৰত মাতা কি জয় ধ্বনিৰে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে আজিৰ নিচিনা বিশাল জনসমাৱেশ জীৱন কালত দেখা নাই বুলি মন্তব্য কৰে।তেওঁ কয় যে আন্দোলনত দাবী কৰা সকলো সমস্যাৰ সমাধান হৈ গ'ল।তেওঁ মন্তব্য কৰে যে আপোনালোকে সঠিক পথ নিৰ্বাচন কৰি সমগ্র দেশৰ হৃদয় জয় কৰিছে।দেশৰ ১৩০ কোটি জনতাই আপোনালোকক ধন্যবাদ জনাইছে।হিংসাৰ অন্ধকাৰময় দিনবোৰ পুনৰ উভতাই নানিবলৈ তেওঁ আহ্বান জনায়।
- Log in to post comments
- 10 views