বাক্সাৰ চৰ্ণাত অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদী সমদল

Pic

জালাহৰ পৰা গুঞ্জন দাস:

কেন্দ্ৰীয় চৰকাৰ , ৰাজ্য চৰকাৰ ,এন ডিএফবিৰ নেতৃবৃন্দ , আবছুৰ নেতৃবৃন্দৰ উপস্থিতিত স্বাক্ষৰিত তৃতীয়খন বড়ো  শান্তি চুক্তি তথা বিটিআৰৰ বিৰোধিতাত তথা অবড়ো গাওঁ কৰ্তন আৰু বিটিএডিত অসমীয়া ভাষাক প্ৰথম ভাষা কৰাৰ দাবীত  বৃহস্পতিবাৰে বাগসাৰ জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত চৰ্ণাৰ পৰা অবড়ো সুৰক্ষা সমিতি, আঙ্গুলীয়া আঞ্চলিকৰ উদ্যোগত এটাা প্ৰতিবাদী সমদল উলিওৱা হয় । চৰ্ণা আঞ্চলিক লক্ষ্মী মন্দিৰ প্ৰাঙ্গনৰপৰা উলিওৱা এই সমদলত  অবড়ো সুৰক্ষা সমিতিৰ আঙ্গুলীয়া আঞ্চলিকৰ প্ৰাক্তন সভাপতি সতীশ কলিতা , গণ সুৰক্ষা পাৰ্টীৰ বাগসা জিলাৰ সভাপতি সুভাস দাস , বাগসা অবড়ো সুৰক্ষা সমিতিৰ সভাপতি দেবেন ডেকা প্ৰমুখ্যে ককলাবাৰী সমষ্টি কমিটিৰ সম্পাদক কুমুদ দাস, আঙুলীয়া আঞ্চলিক অবড়ো সুৰক্ষা  সমিতিৰ সভাপতি জীতেন কাকতি আৰু সম্পাদক গৌতম দাসে অংশগ্ৰহণ কৰে । জিলাখনৰ বিভিন্ন ঠাইৰ সহস্ৰাধিক পুৰুষ - মহিলাই অংশগ্ৰহণ কৰা এই সমদলত সমদলকাৰীসকলে বিভিন্ন শ্লোগান দি জিলাখনৰ চৰ্ণা মন্দিৰ প্ৰাঙ্গনৰপৰা মাজৰমাখা, চৰ্ণা, নতুন বৰলা আদি গাঁঁৱৰ মাজেৰে যায় ।

Your Comments