মৃণাল ডেকা,শুৱালকুছি:
অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনৰ সকলোবোৰ ব্যৱস্থাপনাতে চৰকাৰী পৃষ্ঠপোষতা আছে বুলি সকলোৱে জনাৰ পিছতো আদৰণি সমিতিৰ সভাপতি,স্থানীয় বিধায়ক তথা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অনুপস্থিতিয়ে বিশেষ তাৎপৰ্য বহন কৰিলে।উল্লেখ্য যে নাগৰিকত্বৰ সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত শুৱালকুছিবাসী ৰাইজেও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছিল।বিজেপিৰ শান্তি সমদলটোৰ বাহিৰে সেই সময়ৰ পৰাই মন্ত্ৰী গৰাকীয়ে আজিলৈকে শুৱালকুছিত পদাৰ্পণ কৰা নাই।পঞ্চসপ্ততিতম অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনখন অনুষ্ঠিত কৰাৰ মূল মানুহজনেই।আছিল মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা।এই অধিলৱেশনখন নিজৰ ৰাজনৈতিক প্ৰভাৱ খটুৱাই শুৱালকুছিলৈ অনা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশো হৈছিল। মন্ত্ৰী শৰ্মাই সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনক লৈ বহু আশা প্ৰকাশো কিৰিছিল।কিন্তু মঙলবাৰে অন্তিম দিনাও এবাৰলৈও সভাস্থলীত উপস্থিত নহ'ল মন্ত্ৰীগৰাকী।যাক লৈ এতিয়া বৃহত্তৰ অঞ্চলবাসীৰ মাজত সৰৱ চৰ্চা হৈছে ৷ উল্লেখ্য যে অধিৱেশনত মন্ত্ৰীগৰাকী উপস্থিত নথকাৰ বিপৰীতে তেওঁৰ মাতৃ তথা নৱ-নিৰ্বাচিত উপ-সভাপতি মৃণালিনী দেৱীয়ে ওতপ্ৰোতভাৱে জড়িত হয়।
উপ-সভানেত্ৰী মৃণালিনী দেৱীৰ প্ৰতিক্ৰিয়া:
অসম সাহিত্য সভাৰ অধিৱেশনলৈ প্ৰাক্তন সভাপতি ইমৰান শ্বাহে নিমন্ত্ৰণ নোপোৱা,স্মৃতিগ্ৰন্থত বানান বিভ্ৰাট,'ৰামধেনু' অনুষ্ঠানৰ উদ্বোধক হিচাপ বোৱাৰী ৰিণিকি ভূঞা শৰ্মাক আমন্ত্ৰণ নকৰা আদি বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাহিত্য সভাৰ নৱ- নিৰ্বাচিত উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে।প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে সভাৰ ভ্যন্তৰত কি হৈ আছে পিছত ক'ব পৰা যাব,আমি নতুনকৈ আহিছোঁ, আমি সকলো ক'ব নোৱাৰিম।কিবা হৈছে যে সেয়া নিশ্চিত।লগতে,হিমন্তৰ সমষ্টিত যাতে কু-পৰিৱেশ নহয় তাৰ বাবে নিজেই বহুতো কথাৰ তদাৰক কৰিছোঁ বুলি কৈ স্মৃতিগ্ৰন্থত বানান ভুলে তেওঁক ব্যথিত কৰিছে বুলি কয়।লগতে তেওঁ কয় যে বোৱাৰীৰ নাম চিঠিত লিখি কিয় নামাতিলে,তাৰ উত্তৰ তেওঁ পোৱা নাই। আপোনালোকে সোধা প্ৰতিটো প্ৰশ্নৰ উত্তৰ পিছত দিম বুলি মৃণালিনী দেৱীয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰে ৷
- Log in to post comments
- 133 views