আজি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰণৱ গগৈৰ নশ্বৰদেহৰ

Pic

বুধবাৰে শিৱসাগৰত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা শিৱসাগৰৰ বিধায়ক প্ৰণৱ গগৈৰ নশ্বৰদেহ।ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্ষীয়ান নেতাগৰাকীৰ নশ্বৰদেহৰ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰিবলৈ সকলো দায়িত্ব অৰ্পণ কৰিছে ৰাজ্যৰ মুখ্য সচিবক।উল্লেখ্য যে সোমবাৰে গুৱাহাটীৰ হেলথ চিটী চিকিৎসালয়ত ১০.৪০ বজাত শেষনিশ্বাস ত্যাগ কৰা জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ নশ্বৰদেহত মঙলবাৰে অসম বিধানসভা আৰু গুৱাহাটী ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ১৯৩৬চনত জন্মগ্ৰহণ কৰা জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ২০১১ চনৰ পৰা ২০১৬ চনলৈ অসম বিধানসভাৰ অধ্যক্ষৰ গুৰু দায়িত্ব পালন কৰিছিল।ইয়াৰ উপৰিও তৰুণ গগৈৰ চৰকাৰৰ দিনত কেবিনেট মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল নেতাগৰাকীয়ে। জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে শোকৰ ছাঁ পৰিছে তেওঁৰ গৃহ সমষ্টি শিৱসাগৰত।মৃত্যুৰ সময়ত গগৈৰ বয়স আছিল ৮৪ বছৰ।

Your Comments