গোলাঘাটত ভূমিহীন আৰু বানপীড়িত হিতাধিকাৰীক আৰ্থিক অনুদান প্ৰদান সমাৰোহ 

Pic

গোলাঘাটৰ প্ৰতিবেদক : 

মঙলবাৰে গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত ভূমিহীন হিতাধিকাৰীলৈ ভূমিপট্টা, আৱন্টনপত্ৰ আৰু বানপানীত ক্ষতিগ্ৰস্ত হিতাধিকাৰীক আৰ্থিক অনুদান প্ৰদান সমাৰোহ অনুষ্ঠিত কৰা হয়।জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আহ্বান কৰা সমাৰোহখন  গোলাঘাটৰ নৱনিযুক্ত জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডীৰ তত্বাৱধানত অনুষ্ঠিত কৰা হয়।।    মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা,বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া।ভূমিপট্টা আৰু আৱন্টনপত্ৰ প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই।জিলাখনৰ মুঠ ২৬১৬ লোকক ভূমিপট্টা প্ৰদান কৰাৰ লগতে গোলাঘাট ৰাজহচক্ৰৰ অধীনত বানাপানীত আক্ৰান্ত মুঠ ১০ জন হিতাধিকাৰীলৈ আৰ্থিক অনুদান আগবঢ়ায়।

Your Comments