জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা:
অসম সাহিত্য সভাই যুৱ লেখক, সমালোচক, কবি নিলোৎপল বৰুৱাক "কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা" বঁটা প্ৰদান কৰিছে।ইয়াৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে বৰুৱাৰ জন্মস্থান বৃহত্তৰ জামুগুৰিহাটবাসীয়ে। উল্লেখযোগ্য যে বৰুৱাই ৰচনা কৰা "শুক্ৰাচাৰ্য ৰাভা যাত্ৰা আৰু মাত্ৰা" গ্ৰন্থৰ বাবে তেওঁলৈ আগবঢ়োৱা হৈছে 'কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা' বঁটা।শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিস্থিত ধলাইবিলৰ উদীয়মান লেখক বৰুৱাই সৰুকালৰে পৰা সাহিত্যৰ পথাৰখনত নামি পৰাই নহয়, সাংস্কৃতিক জগতখনলৈয়ো আগবঢ়াই আহিছে অনবদ্য অৱদান।উদীয়মান গীতিকাৰ বৰুৱাই সংগীত-চৰ্চাৰ সমান্তৰালভাৱে সাহিত্যৰ জগতখনলৈ আগবঢ়াইছে শুক্ৰাচাৰ্য ৰাভাৰ জীৱনভিত্তিক গ্ৰন্থৰ দৰে এখন গধুৰ গ্ৰন্থ । মননশীল কবিতা,গল্প,সমালোচনাত্মক লেখনিৰে সাহিত্যৰ জগতখনলৈ আগবঢ়াই আহিছে অৱদান। অধুনালুপ্ত “অসমীয়া নাট্যচিন্তা” নামৰ কাকতৰ সম্পাদনা কৰিছিল বৰুৱাই ।তেওঁ লিখি আহিছে নাট-সমালোচনা আৰু নাটক সম্পৰ্কীয় লেখাও। বৰুৱা এজন পৰিচিত কবিও।“কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা” বঁটা লাভ কৰি বৃহত্তৰ জামুগুৰিহাট অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা নিলোৎপল বৰুৱাক অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জনাইছে।
- Log in to post comments
- 14 views