জোতিক্ষেত্ৰৰ পৰা কমলা কান্ত দাস:
অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনৰ সোমবাৰে চতুৰ্থ দিনৰ কাৰ্যসূচী অনুসৰি জ্যোতিক্ষেত্ৰৰ কবি সুশীল শৰ্মা সাহিত্য মঞ্চত অনুষ্ঠিত হয় কৃষ্ণৰাম দাস সোঁৱৰণি 'সোণালী নখৰ জুই' শীৰ্ষক কবি সন্মিলন।বিশিষ্ট কবি ৰাজেন্দ্ৰ বৰদলৈয়ে উদ্বোধন কৰা এই কবি সন্মিলন সঞ্চালনা কৰে নয়ন কাশ্যপে । বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনৰ উপস্থিতিত মিৰ্জা হুমায়ুন কবিৰ আৰু অলকা মহন্তৰ পৰিচালনাত শতাধিক নবীন-প্ৰবীণ কবিয়ে নিজৰ স্বৰচিত কবিতাৰে জ্যোতিক্ষেত্ৰ জীপাল কৰি তোলে । ভাৰতৰত্ন ডঃভূপেন হাজৰিকা মঞ্চত ৰামধেনু কেন্দ্ৰীয় অনুষ্ঠান - জ্যোতিক্ষেত্ৰৰ ডঃ ভূপেন হাজৰিকা মঞ্চত অনুস্থিত ৰামধেনু কেন্দ্ৰীয় অনুস্থান উদ্বোধন কৰে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত উপ-সভাপতি সাহিত্যিক মৃণালিনী দেৱীয়ে । উদ্বোধনী ভাষনত সাহিত্যিক দেৱীয়ে কয় - মাতৃভাষা শিশু সকলৰ মুখত জিলিকিলেহে ভাষা সুৰক্ষিত হব । নৱপ্ৰজন্মক প্ৰাচীন সভ্যতাৰ শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব ।এই সভাত ৰামধেনু উন্মোচন কৰি ডাঃ হিতেশ বৰুৱাই ভাষন প্ৰসংগত কয় জাতিকশক্তিশালী কৰিবলৈ সাংস্কৃতিক বিপ্লৱৰ প্ৰয়োজন ।ভাষা সংস্কৃতি জীয়াই থাকিলে জাতি জীয়াই থাকিব । এইক্ষেত্ৰত সকলো জাতি একত্ৰিত হ'ব লাগিব।ইফালে,মুখপত্ৰ বৰ্ণিল উন্মোচন কৰে সত্ৰীয়া নৃত্য শিল্পী মল্লিকা কন্দলিয়ে ।অনুষ্ঠানত বন্তি প্ৰজ্জলন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি হেমন্ত কুমাৰ বৰুৱাই । ৰামধেনু কেন্দ্ৰীয় সমিতিৰ নেত্ৰী পুতুলী কায়স্হৰ পৌৰোহিত্বত অনুষ্ঠিত অনুষ্ঠানত অসমলৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়া, সাহিত্যলৈ গৌৰৱ কঢ়িয়াই অনা যুৱ প্ৰতিভা সাতোৰবিদ শীৱাংগী শৰ্মা , অসাধাৰণ বাদ্যযন্ত্ৰী কৃষ্ণমণি ডেকাকে ধৰি কেইবাগৰাকীও প্ৰতিভাৱানক জাপি, গামোচা আৰু মানপত্ৰৰে সন্মানিত কৰে । কৰুণা কান্ত শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা অনুস্থানত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি কুলধৰ শইকীয়া, পবিত্ৰ শৰ্মা, নাৰায়ণ শৰ্মা শাস্ত্ৰী , প্ৰফুল্ল বৰ্মণ, অৰুণাচল লিটাৰেৰি ছ'চাইটীৰ বাটেন পাটিণ উপস্থিত থাকে । ভাষাবিদ ডঃ ভগৱান মৰল মঞ্চত ৰজনীকান্ত বৰদলৈ সোঁৱৰণি ঔপন্যাসিক সন্মিলন জ্যোতিক্ষেত্ৰৰ ভাষাবিদ ড ভগৱান মৰল মঞ্চত বিশিষ্ট ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ সঞ্চালনাত অনুস্থিত হয় ৰজনীকান্ত বৰদলৈ সোৱৰণি ঔপন্যাসিক সন্মিলন । সাহিত্য অকাডেমি বটাপ্ৰাপক জয়ন্তমাধৱ বৰা , বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী , ডঃ ভূপেন্দ্ৰনাৰায়ণ ভট্টাচাৰ্য , প্ৰশান্ত কুমাৰ দাস,জুৰি বৰা বৰগোহাঞি,গীতালি বৰা, জয়ন্তমাধৱ বৰাৰ কেইবাগৰাকীও লেখক লেখিকাৰ উপস্থিতিত উপন্যাস সন্মিলন অনুস্থিত হয়। শ্ৰী শ্ৰী বৈকুণ্ঠ নাথ ভট্টাচাৰ্য কথা সাহিত্য বটা উমাকান্ত শৰ্মালৈ - কবি সুশীল শৰ্মা সাহিত্য মঞ্চত অনুস্থিত হয় ৰাধানাথ ফুকন সোৱৰণি দৰ্শন সন্মিলন আৰু শ্ৰী শ্ৰী বৈকুণ্ঠ নাথ ভট্টাচাৰ্য কথা সাহিত্য বটা প্ৰদান অনুস্থান । এই অনুষ্ঠান উদ্বোধন কৰে ডঃ মনীষা বৰুৱাই।ডঃ গিৰীশ শৰ্মাই সঞ্চালনা কৰা অনুস্থানত অংশ লৈ ভাগৱত, দৰ্শন আৰু ইয়াৰ প্ৰাসংগিকতা, গীতাৰ নীতি দৰ্শন আৰু আধুনিক জীৱন শীৰ্ষক আলোচনা চক্ৰত বক্তৃতা প্ৰদান কৰে ডঃ ৰাজেন্দ্ৰ শৰ্মা, ডঃ গিৰীশ শৰ্মা, উমাকান্ত শৰ্মা, ডঃ গিৰীশ বৰুৱা, ডঃ প্ৰণিতা দেৱীকে ধৰি কেইবাগৰাকীও বিশিষ্ট সাহিত্যিকে । এই অনুস্থানতে বৈকুণ্ঠ নাথ ভট্টাচাৰ্য কথা সাহিত্য বটা প্ৰদান কৰে উমাকান্ত শৰ্মাক। ভাষা প্ৰাণ সন্মান ডঃ নাৰায়ণ দাসলৈ - জ্যোতিক্ষেত্ৰৰ অতুল চন্দ্ৰ বৰুৱা সোৱৰণি মূল মঞ্চত ভাষাবিদ আৰু শিক্ষাবিদ সাহিত্যাচাৰ্য্য ড:ৰমেশ পাঠকৰ সঞ্চালনাত অনুস্থিত হয় কালিৰাম মেধি সোঁৱৰণি ভাষাবিদ সন্মিলন । এই সন্মিলনত ড:নাৰায়ন দাসক ভাষাপ্ৰাণ সন্মান বঁটা প্ৰদান কৰে । সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুচি অধিবেশনৰ আজি চতুৰ্থ দিনৰ কাৰ্যাসূচী অনুসৰি জ্যোতিক্ষেত্ৰৰ কবি সুশীল শৰ্মা সাহিত্য মঞ্চত অনুস্থিত হয় কৃষ্ণৰাম দাস সোৱৰণি " সোণালী নখৰ জুই' শীৰ্ষক কবি সন্মিলন । ৰাজেন্দ্ৰ বৰদলৈয়ে উদ্বোধন কৰা এই কবি সন্মিলন সঞ্চালনা কৰে নয়ন কাশ্যপে । বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনৰ উপস্থিতিত মিৰ্জা হুমায়ুন কবিৰ আৰু অলকা মহন্তৰ পৰিচালনাত শতাধিক নবীন প্ৰবীণ কবিয়ে নিজৰ স্বৰচিত কবিতাৰে জ্যোতিক্ষেত্ৰ জীপাল কৰি তোলে । ভাৰতৰত্ন ড ভূপেন হাজৰিকা মঞ্চত ৰামধেনু কেন্দ্ৰীয় অনুস্থান - জ্যোতিক্ষেত্ৰৰ ড ভূপেন হাজৰিকা মঞ্চত অনুস্থিত ৰামধেনু কেন্দ্ৰীয় অনুস্থান উদ্বোধন কৰে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত উপ সভাপতি সাহিত্যিক মৃনালিনী দেৱীয়ে । উদ্বোধনী ভাষনত সাহিত্যিক দেৱীয়ে কয় - মাতৃভাষা শিশু সকলৰ মুখত জিলিকিলেহে ভাষা সুৰক্ষিত হব । নৱপ্ৰজন্মক প্ৰাচীন সভ্যতাৰ শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব ।এই সভাত ৰামধেনু উন্মোচন কৰি ডাঃ হিতেশ বৰুৱাই ভাষন প্ৰসংগত কয় জাতিকশক্তিশালী কৰিবলৈ সাংস্কৃতিক বিপ্লৱৰ প্ৰয়োজন ।ভাষা সংস্কৃতি জীয়াই থাকিলে জাতি জীয়াই থাকিব । এইক্ষেত্ৰত সকলো জাতি একত্ৰিত হ'ব লাগিব।ইফালে,মুখপত্ৰ ''বৰ্ণিল' উন্মোচন কৰে সত্ৰীয়া নৃত্য শিল্পী মল্লিকা কন্দলিয়ে । অনুষ্ঠানত বন্তি প্ৰজ্জ্বলন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি হেমন্ত কুমাৰ বৰুৱাই । ৰামধেনু কেন্দ্ৰীয় সমিতিৰ নেত্ৰী পুতুলি কায়স্হৰ পৌৰোহিত্বত অনুষ্ঠিত অনুষ্ঠানত অসমলৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়া, সাহিত্যলৈ গৌৰৱ কঢ়িয়াই অনা যুৱ প্ৰতিভা সাতোৰবিদ শীৱাংগী শৰ্মা , অসাধাৰণ বাদ্য যন্তী কৃষ্ণমনি ডেকাকে ধৰি কেইবাগৰাকীও প্ৰতিভাৱানক জাপি, গামোচা আৰু মানপত্ৰৰে সন্মানিত কৰে।
- Log in to post comments
- 37 views