বঙাইগাঁৱৰ প্ৰতিবেদক:
অসমৰ উত্তৰ অঞ্চলৰ এক বৃহৎ অংশ সামৰি শেহতীয়াভাৱে বিটিআৰ গঠন কৰিব বিচৰা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে সোমবাৰে বঙাইগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন তিনি দফীয়া দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰে ৷ সদৌ অসম কোচ ৰাজবংশী যুৱ- ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায়ে স্বাক্ষৰিত স্মাৰক পত্ৰখনত সংগঠনটোৱে প্ৰস্তাৱিত বিটিআৰ এলেকাৰ ভিতৰত অৱধাৰিতভাৱে অন্তৰ্ভুক্ত হৈ পৰা অসমৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকলৰ নিৰাপত্তাৰ বাবে উক্ত অঞ্চলৰ পৰিধিৰ ভিতৰত কোচ ৰাজবংশী, আদিবাসী ,নেপালী ,কলিতা,নাথ- যোগী ,সূত্ৰধৰকে ধৰি অন্য খিলঞ্জীয়া জনগোষ্ঠীসমূহক সংৰক্ষিত শ্ৰেণী হিচাপে ঘোষণা কৰা , প্ৰস্তাৱিত বিটিআৰ এলেকাত উন্নয়নৰ বাবে চৰকাৰে যোগান ধৰিবলগীয়া সমস্ত পুঁজিৰ বন্টন উক্ত অঞ্চলৰ জনগাঁঠনিৰ সমানুপাতিকভাৱে আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু প্ৰস্তাৱিত বিটিআৰ অঞ্চলৰ গাঁও অন্তৰ্ভুক্ত আৰু কৰ্তন কৰিবলৈ যি আয়োগ গঠন হ'ব,সেই আয়োগত কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিনিধি নিয়োগ কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৷
- Log in to post comments
- 10 views