৫ মাৰ্চৰ পৰা সপ্তমসংখ্যক মিচিং যুৱ মহোৎসৱ:মাজুলীৰ খেৰকটীয়া নৈৰ পাৰত লাইখুঁটা স্থাপন

Pic

ৰাজীৱ পাতিৰ,মাজুলী:

 মাজুলীৰ জেংৰাইমুখত অহা ৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব লগা সপ্তম সংখ্যক মিচিং যুৱ মহোৎসৱৰ সফল কামনা কৰি সম্পূৰ্ণ মিচিং ধৰ্মীয় ৰীতিনীতিৰে এক উলহ মাল পৰিৱেশৰ মাজত লাইখুঁটা স্হাপন কৰা হয় । জেংৰাইমুখ কুমাৰবাৰীৰ খেৰকটীয়া নৈৰ পাৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত পুৱাৰ ভাগত সম্পূৰ্ণ মিচিং ৰীতি নীতিৰে মাংগলিক কাৰ্য সম্পন্ন কৰাৰ পিছত আনুষ্ঠানিকভাৱে লাইখুঁটা স্হাপন কৰে মিচিং যুৱ মহোৎসৱ কেন্দ্ৰীয় উদযাপন সমিতিৰ সভাপতি তথা বিশিষ্ট শিল্পী একলব্য গামে । ইয়াৰ পিছত ৰূপায়ণ হোৱা বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীত জেংৰাই চাপৰি; জেংৰামুখ;ফুলনি কাৰ্কিচুক; গড়মূৰ চিতাদাৰচুক;চুমৈমাৰী; চিকাৰী; ৰতনপুৰ মিৰি কুলি;লোহিতপৰীয়াৰ লাচন চিকাৰী আদি মাজুলীৰ বিভিন্ন সাংস্কৃতিক কৃষ্টি দলৰ দ্বাৰা প্ৰদৰ্শন কৰা গোমৰাম নৃত্য-ঐ নিঃতমৰ সুৰত আবাল-বৃদ্ধ;যুৱক-যুৱতী; পুৰুষ-মহিলা আদি সকলোয়ে একাকাৰ হৈ সপ্তম সংখ্যক মিচিং যুৱ মহোৎসৱৰ সফলতা কামনাৰে নৃত্য-গীতত অংশগ্ৰহণ কৰে । ইয়াৰ লগে লগে মিচিং জাতীয় সাজপাৰৰ ভিন্নধৰ্মী ৰঙৰ মাজত গঢ় লৈ উঠা এক অন্যন্য পৰিৱেশে সমগ্ৰ খেৰকটীয়া নৈৰ পাৰ মুখৰিত কৰি তোলাই নহয় বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰ সৃষ্টি হয় । লাইখুঁটা স্হাপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক সভাও অনুষ্ঠিত কৰা হয় । সপ্তম সংখ্যক যুৱ মহোৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ পেগুৱে আঁত ধৰা সভাত জোনাইৰ বিধায়ক তথা মিচিং যুৱ মহোৎসৱ কেন্দ্ৰীয় উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ভূৱন পেগুয়ে সপ্তম সংখ্যক যুৱ মহোৎসৱৰ কাৰ্যসূচী সফল কৰি তোলাৰ বাবে সকলো সদস্য লোককে যুদ্ধকালীন তৎপৰতাৰে যাৱতীয় প্ৰস্তুতিৰ কাম চলাই নিবৰ বাবে আহ্বান জনাই কয় যে বৰ্তমান গোলকীকৰণে অসমৰ বৃহত্তৰ অসমীয়া সমাজৰ লগতে মিচিং সমাজলৈ বৃহৎ প্ৰত্যাহ্বান আনিছে । মিচিং সমাজক সাংস্কৃতিকভাৱে ঐক্যবদ্ধ কৰি আগুৱাই নিয়াৰ লগতে স্বকীয় পৰম্পৰাক জীয়াই ৰখাটো অত্যন্ত প্ৰয়োজনীয় বিষয় বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে । মিচিং বানে কেবাংৰ সাধাৰণ সম্পাদক ৰাজু মেদকে যুৱ শক্তিৰ মাজতলৈ মিচিং জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি;ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত মন্তব্য প্ৰকাশ কৰে। এই অনুষ্ঠানত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সূনীল পেগু; মিচিং বানে কেবাংৰ উপ-সভাপতি ৰণ্জিত দলে; মিচিং আগম কেবাং আৰু মিচিং বানে কেবাংৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰভাত মিলি;টি এম পি কে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজকুমাৰ মৰাং; উপ-সভাপতি পদ্মলোচন দলে; সহকাৰী সাধাৰণ সম্পাদক ক্ৰমে ৰামগোবিন দলে আৰু দিব্য খামতী; মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অ এছ ডি ডাঃ অনিল পেগু; কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে;বিজু কুমাৰ পেগু;সাধাৰণ সদস্য নীলকান্ত দলে; উমা পাঠৰী;ত্ৰৈলোক্য পামেগাম; সন্মিলিত গনশক্তি অসমৰ অন্যতম সাধাৰণ সম্পাদক হিৰন্য দত্ত; প্ৰাক্তন কাৰ্যবাহী সদস্যা ৰন্জ্ঞনা দলে; জেংৰাইমুখ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পদ্ম পেগু; জিলা পৰিষদ সদস্য ক্ৰমে ইন্দ্ৰ কুমাৰ চুংক্ৰুাং;দেৱজিত পাতিৰ; বৰপমুৱা ৰেঙাম হাইস্কূলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যতীন পেগু; উজনি মাজুলী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰেখাৰমনি দলে আদিকে বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া;সাংস্কৃতিক কৰ্মী;শিক্ষানুষ্ঠানৰ মূৰব্বী তথা সমাজ সংগঠক উপস্থিত থাকে । উল্লেখ্য যে মিচিং সমাজৰ সৰ্ববৃহৎ সাংস্কৃতিক অনুষ্ঠান মিচিং যুৱ মহোৎসৱৰ এইবাৰৰ সপ্তম সংখ্যক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লগা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অৰুণাচল প্ৰদেশৰ পৰা অংশগ্ৰহণ কৰিব লগা এক লাখ প্ৰতিনিধি-দৰ্শকক অভ্যৰ্থনা কৰাৰ বাবে মাজুলীৰ লগতে ঢকুৱাখনা আৰু লখিমপুৰৰ তিনিওটা সাংগঠনিক সমিতিয়ে দায়িত্ব পালন কৰিব । এইবাৰৰ কাৰ্যসূচীতমিচিং সমাজৰ পৰা ইতিমধ্যে বিলুপ্ত ঘটা একালৰ মিচিং সমাজৰ পৌৰাণিক সমাজৰ মূৰব্বী 'গাম'ৰ প্ৰতীকী হিচাপে মাজুলীৰ ২১৬ গাঁৱৰ পৰা ১৩ গৰাকীকৈ মুঠ ২৮০৮ গৰাকী লোকক জাতীয় সাজপাৰ পিন্ধাই দি অনুষ্ঠানত প্ৰতিষ্ঠা কৰোৱা হ'ব যাতে নৱপ্ৰজন্মৰ মাজত এক বাৰ্তা বিলাই দি শৃংখলিত সমাজৰ পৰিচয় কৰোৱাৰ চেষ্টা চলাব মিচিং যুৱ মহোৎসৱৰ উদযাপন সমিতিয়ে। তদুপৰি পৌৰাণিক সাংস্কৃতিক বাদ্যযন্ত্ৰ আৰু লোক সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব বুলি মিচিং যুৱ মহোৎসৱ কেন্দ্ৰীয় সমিতিৰ সভাপতি একলব্য গামে জানিবলৈ দিছে ।

Your Comments