নৰেন শৰ্মা,বাহাৰঘাট:
কামৰূপ(গ্ৰাম্য) জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ সৌৰামুৰী(কদমতল) সত্ৰত যোৱা এক আৰু দুই ফেব্ৰুৱাৰীত উলহমালহেৰে ২৩ সংখ্যক বৰ্ষৰ মাঘী সভা উৎসৱ উদযাপন কৰে৷তদুপলক্ষে এক ফেব্ৰুৱাৰীৰ পুৱা ১১ বজাত চাফাই অভিযান,সন্ধিয়া ছয় বজাত বন্তি প্ৰজ্বলন আৰু সাত বজাত বিষয়বাচনি সভা অনুষ্ঠিত কৰা হয়৷দুই ফেব্ৰুৱাৰীৰ পুৱা ছয় বজাত উষা কীৰ্তন,৭-৩০ বজাত পতাকা উত্তোলন,আঠ বজাত গছপুলি ৰোপণ,৮-৩০ বজাত ভাগৱত শোভাযাত্ৰাৰ কার্যসূচী ৰূপায়ণ কৰা হয়। গোলাপ কলিতা আৰু অজিত কলিতাৰ পৰিচালনাত উলিওৱা শোভাযাত্ৰা উদ্বোধন কৰে বিজেপিৰ ৰাজ্যিক সমিতিৰ মিডিয়া সম্পৰ্ক বিভাগৰ সহঃ আহ্বায়ক নিবাৰণ লহকৰে৷ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰি লহকৰে কয় যে সভা বা উৎসৱ-পাৰ্বনে একোটা অঞ্চলৰ শান্তি-একতা বৰ্তাই ৰখাত সহায় কৰে৷তদুপৰি ভাগৱত হৈছে সম্প্ৰীতি ধৰি ৰখাৰ উত্তম ধৰ্মগ্ৰন্থ৷য’ত আছে সমন্বয় আৰু ভাতৃত্ববোধৰ অআমোঘ বাণী৷শোভাযাত্ৰাৰ অন্তত আই সকলৰ নাম,বাপু সকলৰ নাম অনুস্থিত হয়৷সন্ধিয়া কেইবাজনো বিশিষ্ট ব্যক্তিৰ দ্বাৰা বন্তি প্ৰজ্বলন,আধুনিক নৃত্য প্ৰতিযোগিতা,টোপধ্বনি কাৰ্যসূচী ৰূপায়ণ কৰে।সাংস্কৃতিক কাৰ্য্যসূচীৰে উৎসৱৰ সামৰণি মাৰে৷মনকৰিবলগীয়া যে এইবেলিৰ উৎসৱত অগণন ভক্তৰ সমাগমেৰে উৎসৱস্থলী উদুলি-মুদুলি হৈ পৰে৷
- Log in to post comments
- 20 views