শুৱালকুছিৰ 'জ্যোতি ক্ষেত্ৰ'ৰ পৰা মৃণাল ডেকা:
অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনত অসমৰ বৰ্ণময় জনজীৱন প্ৰতিফলিত কৰি দেওবাৰে বৰ্ণাঢ্য শোভাযাত্ৰাৰে উদ্ভাসিত হৈ পৰিল বস্ত্ৰনগৰী শুৱালকুছিৰ ৰাজপথ ৷ ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্যৰ মেটমৰা সম্ভাৰেৰে প্ৰাণ পাই উঠা শুৱালকুছি অধিৱেশনৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ নৱনিৰ্বাচিত সভাপতি কুলধৰ শইকীয়াক আদৰি অনাৰ বাবে আমিনগাঁৱৰ পৰা আৰম্ভ কৰা শোভাযাত্ৰাই অসমৰ বৰ্ণময় জনজীৱনক প্ৰতিফলিত কৰিবলৈ সক্ষম হয়।অসমীয়া কৃষ্টি-সংস্কৃতি-পৰম্পৰাক এক নান্দনিক ৰূপত তুলি ধৰি উলিওৱা এই শোভাযাত্ৰাই ৰাজ্য খনৰ তিনিগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তি জ্যোতিপ্ৰসাদ আগৰৱালা , বিষ্ণু প্ৰসাদ ৰাভা , ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ স্মৃতিত 'জ্যোতি-বিষ্ণু-ভূপেন্দ্ৰ সোঁৱৰণী সাংস্কৃতিক শোভাযাত্ৰা-মহাবাহু ব্ৰহ্মপুত্ৰ' শীৰ্ষক নামেৰে উলিওৱা হয় ৷
লোকে লোকাৰণ্য হৈ পৰা শোভাযাত্ৰাটোত জাতি - ধৰ্ম - বৰ্ণ ভাষা নিৰ্বিশেষে প্ৰতিটো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰি ইয়াক অনন্য মাত্ৰা প্ৰদান কৰে। এক কথাত 'চিৰ চেনেহী মোৰ ভাষা জননী' বাক্যৰে মুখৰিত হৈ পৰে ৰেচম গ্ৰাম শুৱালকুছি আৰু ইয়াৰ দাঁঁতিকাষৰীয়া অঞ্চলৰ আকাশ - বতাহ ৷এই শোভাযাত্ৰত গায়ন - বায়ন,ঢুলীয়া,বিহু নৃত্য,আয়তীসকলৰ নাম প্ৰসংগ , দেওঁধনী নৃত্য , জিকিৰ - জাৰী , ম’হ খেদা গীত , মুখা শিল্প , হোলী গীত , শৰণীয়া কছাৰী , সোণোৱাল কছাৰী , মদাহী জনগোষ্ঠী,মৰাণ-মটক জনগোষ্ঠী , তিৱা , ডিমাছা , চাহ জনগোষ্ঠী,নাথ - যোগী সন্মিলন , বিষ্ণুপ্ৰিয়া মণিপুৰী আদিকে ধৰি বিভিন্ন জাতি - জনগোষ্ঠীৰ কৃষ্টিৰ সংস্কৃতিৰে উদ্ভাসিত হৈ পৰে ৷ চালে চকু ৰোৱা এই শোভাযাত্ৰাৰে আদৰি অনা হয় নৱনিৰ্বাচিত সভাপতিৰ ৰথখন ৷ বৃহৎ আকাৰৰ জাপি আৰু সন্মুখৰ ভাগৰ এটা পখিলাৰে সজোৱা ৰথখনে শুৱালকুছিৰ ঐতিহ্য-পৰম্পৰাক সুন্দৰ ৰূপত প্ৰতিফলিত কৰে ৷ ৰথখনৰ দুয়োটা ভাগত থাকে মুগা পলু , এখন তাঁতশাল , চোম গছ ৷ শোভাযাত্ৰা প্ৰত্যক্ষ কৰাৰ বাবে পথৰ দুয়োকাষেৰে উবুৰি খাই পৰে অগণিত জনতা।
ইয়াৰ আগেয়ে অসম সাহিত্য সভাৰ মূল পতাকা পুৱা ৮:৪৫ বজাত উত্তোলন কৰে বিদায়ী সভাপতি ড: পৰমানন্দ ৰাজবংশীয়ে ৷ মূল পতাকাৰ চাৰিওফালে আন ৭৫ খন পতাকা আৰু আন ১০২ খন পতাকা উত্তোলন কৰা হয় ৷ পতাকা উত্তোলন কৰি ডঃ পৰমানন্দ ৰাজবংশীয়ে কয় যে ভাৰতীয় জাতীয় পতাকাৰ পিছত এখনেই যি পতাকা যাৰ তলত বিভিন্ন জাতিৰ জনগোষ্ঠীৰ ,ধৰ্মালৱম্বী লোকে এক হৈ থিয় হব পাৰে ৷ সেয়াই অসমীয়া সাহিত্য সভা ৷ অসম সাহিত্য সভাত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ বুলি চলা বিতৰ্কৰ সন্দৰ্ভত সভাৰ স্থিতি স্পষ্ট কৰি কয় যে অসম সাহিত্য সভা সকলোৰে,কিন্তু সভাৰ মূল মঞ্চত মুখ্যমন্ত্ৰী তথা আদৰণি সমিতিৰ সভাপতি হিচাপে স্বাস্থ্য - বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে আন কোনো ৰাজনৈতিক নেতাক স্থান দিয়া নহব ৷ মঞ্চৰ পৰিৱৰ্তে সভাস্থলীত তেওঁলোক মৰ্যাদাসহকাৰে স্থান দিয়া হ'ব ৷ আনহাতে,আলফা - চৰকাৰৰ মাজত মৰ্যাদা সহকাৰে আলোচনা হোৱাটো অসম সাহিত্য সভাই বিচাৰে বুলি মন্তব্য কৰে ৷ ইয়াৰ পাছতে জ্যোতি ক্ষেত্ৰত নিৰ্মাণ কৰা শ্বহীদ বেদীত অসমৰ জাতীয় আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান 'আই তোক কিহৰে পূজিম' শীৰ্ষক অনুষ্ঠানত মূখ্য বন্তি প্ৰজ্বালন কৰে ভগ্নেশ্বৰ মহন্তই ৷ মুখ্য তৰ্পক হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰকাশ চন্দ্ৰ দাস ৷
- Log in to post comments
- 37 views