ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰেশ শৰ্মাক গাওঁবাসীৰ সম্বৰ্দ্ধনা

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

শেহতীয়াকৈ ৰাষ্ট্ৰপতি পুৰস্কাৰেৰে পুৰস্কৃত হোৱা নলবাৰী জিলাৰ আৰক্ষী বিষয়া সুৰেশ শৰ্মাক দেওবাৰে তেওঁৰ জন্মগাঁঁও দেহাৰকুছিত সম্বৰ্দ্ধনা জনায়৷উল্লেখ্য যে নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত দেহাৰকুছি মনসাপীঠৰ উদ্যোগত গাওঁবাসীৰ সহযোগত মনসাপীঠ পৰিচালনা সমিতিৰ উপ-সভাপতি ৰাজেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত দিনৰ ১২ বজাত মনসাপীঠ প্ৰাংগনত অনুষ্ঠিত সভাখনত সাংবাদিক তথা নলবাৰী শান্তি নিবাস অনাথ আশ্ৰমৰ পৰিচালক মজিবৰ ৰহমানে কয় যে বিশ্বৰ সকলো মাতৃয়ে নিজ সন্তানৰ সাফল্যত আনন্দিত হয়৷তেওঁ কয় যে সুৰেশ শৰ্মাৰ মাতৃও সেই আনন্দৰে আনন্দিত৷সভাত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীয়ে শৰ্মাৰ কৰ্মময় জীৱনৰ শলাগ লয়৷আনহাতে,সভাত কমাৰকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বৰগোহাঞি,আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ সহঃঅধ্যাপিকা ড°নীভা দেৱী,ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষক ৰামপ্ৰসাদ শৰ্মা,সমাজসেৱী অম্বুনাথ শৰ্মা আদি কৰি কেইবাজনো বিশিষ্ট লোকে বক্তব্য প্ৰদান কৰে৷সভাত শৰ্মাক ফুলাম গামোচা,জাপি,মানপত্ৰ আদিৰে সম্বৰ্দ্ধনা জনায়৷তদুপৰি,আন কেইবাটাও অনুষ্ঠানে শৰ্মাক গামোচা আৰু কলমৰে সম্বৰ্দ্ধনা জনায়৷সম্বৰ্দ্ধনা গ্ৰহণ কৰি শৰ্মাই কয় যে এজন অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান হিচাপে জন্ম লৈ বৰ্তমান পৰ্য্যয়লৈ আহিব পৰাটো মোৰ বাবে আশীষ নিৰ্মালি আৰু এই নিৰ্মালি সকলো ৰাইজৰ মোৰ প্ৰতি থকা মৰমৰ বাবে সম্ভৱ হৈছে৷সভাত শৰ্মাৰ মাতৃ সৰস্বতী দেৱী,পত্নী নমিতা দেৱীকো সম্বৰ্দ্ধনা জনায়৷অনুষ্ঠানৰ আঁঁত ধৰে ভূষণ চন্দ্ৰ শৰ্মাই৷

Your Comments