'জ্যোতি ক্ষেত্ৰ'ৰ পৰা কমলাকান্ত দাস:
প্ৰাচ্যৰ মানচেষ্টাৰ অভিহিত ৰেছমগ্ৰাম শুৱালকুছিত অনুষ্ঠিত হৈছে সভাৰ পঞ্চসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশন।সুদীৰ্ঘ ৪০ বছৰৰ পিছত দ্বিতীয়বাৰৰ বাবে শুৱালকুছিত অসমীয়া জাতিৰ ভাষা-সংস্কৃতি আৰু স্বাভিমান ৰক্ষাৰ উদ্দেশ্যৰে প্ৰতিষ্ঠা লাভ কৰা জাতীয় অনুষ্ঠানটোৰ অধিৱেশন অনুষ্ঠিত হোৱাক লৈ ইতিমধ্যে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।অধিৱেশনৰ মূল কাৰ্যসূচী ৩১ জানুৱাৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ সেউজ বালিচৰৰ 'জ্যোতি ক্ষেত্ৰ'ত আৰম্ভ হৈছে ৷ পুৱা ১০ বজাত আহোমসকলৰ লোক উৎসৱ মে-ডাম-মে-ফি অনুষ্ঠানটো চৰাইদেউৰ পৰা অহা মুলংসকলে বিধি সন্মতভাৱে অনুষ্ঠিত কৰে।ইয়াৰ পিছত ১১ বজাৰ পৰা আৰম্ভ হয় উদ্ঘাটন পৰ্ব। শুৱালকুছিৰ গাতে লাগি থকা বংশৰত পদ্মনাথ গোহাঞি বৰুৱা সোঁৱৰণী মূল তোৰণ ফিটা কাটি মুকলি কৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকাই।ইয়াৰ পিছত বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত প্ৰতিনিধি শিবিৰ উদ্বোধন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।শিবিৰ উদ্বোধন কৰি তেওঁ কয় যে শুৱালকুছিবাসী ৰাইজে ইয়াৰ ঐতিহ্য আৰু আইন শৃংখলা বৰ্তাই ৰাখি পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশন সৰ্বাংগসুন্দৰ কৰি তুলিব।ইয়াৰ পিছতে অধিৱেশনস্থলীৰ মূল 'জ্যোতি ক্ষেত্ৰ: উদ্বোধন কৰে কুমাৰ ভাস্কৰবৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দীপক কুমাৰ শৰ্মাই ৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সোঁৱৰণী মূল মণ্ডপ উদ্বোধন কৰে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি কমল কুমাৰ বৈশ্যই।প্ৰতিনিধি পঞ্জীয়ন অস্থায়ী কাৰ্য্যালয় উদ্বোধন কৰে কামৰূপ জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তই।আনহাতে,ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা মঞ্চত অনুষ্ঠিত বিহগী কবি ৰঘুনাথ চৌধাৰী কবি সন্মিলনখনত ড° চিত্তৰঞ্জন দাস,বৰ্ণালী ভৰালী,কিশোৰ গোস্বামী,মিতালী ভৰালী,ড° ধ্ৰৱজ্যেতি মালাকাৰ আদি শতাধিক কবিয়ে কবিতা পাঠ কৰে।বিয়লি অতুল চন্দ্ৰ বৰুৱা মূল মঞ্চত আনন্দৰাম বৰুৱা সোঁৱৰণী স্মৃতিগ্ৰন্থ আৰু অন্যান্য গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়।প্ৰকাশন উপ-সমিতিৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ ভগৱান মৰলৰ 'শুৱালকুছি',ৰমেশ কলিতাৰ 'শুৱালকুছিৰ বুৰঞ্জী',ড°খগেন চন্দ্ৰ ডেকাৰ 'ভাষা বিষয়ক গ্ৰন্থ',মলিন কলিতাৰ সম্পাদনাৰ 'কাব্যকুঞ্জ',মৃণাল দাসৰ 'প্ৰৱন্ধ প্ৰদ্যুৎ' ৰঞ্জিত কুমাৰ মহন্তৰ 'গল্পৰ সুবাস',ড° নিহাৰঞ্জন কলিতাৰ সম্পাদনাত 'সাম্প্ৰতিক অসমীয়া ভাষা সাহিত্য',ৰঞ্জিত ঠাকুৰৰ সম্পাদনাত 'শিশুৰ প্ৰতি - পালন' গ্ৰন্থসমূহ উন্মোচন কৰে।স্মৃতিগ্ৰন্থ উন্মোচন কৰে সাহিত্যাচাৰ্য ড°পৰাগকুমাৰ ভট্টাচাৰ্যই।অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনৰ অতুল চন্দ্ৰ বৰুৱা মূল মঞ্চত সভাৰ স্মৃতি গ্ৰন্থ 'শুৱালকুছি জ্যোতি' উন্মোচন কৰি ডঃ ভট্টাচাৰ্যই কয় যে বৰ্তমান সময়ত অসমীয়া ভাষালৈ সংকট নামিছে।খিলঞ্জীয়া মানুহৰ বিপৰ্যয় আৰম্ভ হৈছে।সেয়ে অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে ৰাজ্যখনৰ সৰ্বস্তৰৰ ৰাইজে সাহিত্য সভাৰ জৰিয়তে আগবাঢ়ি আহিব লাগে।লগতে তেওঁ কয় যে স্মৃতিগ্ৰন্থই সমাজত সমন্বয়ৰ সৃষ্টি কৰে ৷ উন্মোচনী অনুষ্ঠানত 'অসম সাহিত্য সভা বাৰ্তা' উন্মোচন কৰে ড° বাণীকান্ত কাকতিয়ে ৷ উন্মোচন অনুষ্ঠানত কুমাৰ ভাস্কৰবৰ্মা পুৰাতন সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দীপক কুমাৰ শৰ্মা,ড° বসন্ত কুমাৰ ভট্টাচাৰ্য,ড° যোগেশ ডেকা ,ড° বলেন্দ্ৰ কুমাৰ দাস,ড°অতনু চৌধাৰীকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।সন্ধিয়া লক্ষ্যধৰ চৌধুৰী সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান অতুল চন্দ্ৰ বৰুৱা মূল মঞ্চত অনুষ্ঠিত হয়৷অসম চৰকাৰৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই উদ্বোধন কৰা এই অনুষ্ঠানত শিল্পী প্ৰণীতা বৈশ্য মেধী,দীপলিনা ডেকাৰ গীতৰ শৰাইৰ লগতে বাৰেৰহণীয়া কাৰ্যসূচী অনুষ্ঠিত হয়।
- Log in to post comments
- 69 views