বঙাইগাৱঁত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

Bgn

বঙাইগাঁওঃ
বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত  চাপৰাকাটাত শুকুৰবাৰে এক অভিযানত বৃহৎ পৰিমাণৰ  অৰুণাচলী সুৰা জব্দ কৰা হয় ৷ চাপৰাকাটাৰ উৰণীয়া সেতুৰ ওচৰত এটা ভাৰা ঘৰৰ পৰা সুৰা ব্যৱসায়ীয়ে চলাই আহিছিল এই অবৈধ ব্যৱসায় । ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অবৈধ ঘাটি স্থাপন কৰি সুৰাৰ ক'লা ব্যৱসায়  কৰি আছিল সুৰা মাফিয়াই ৷ জানিব পৰা মতে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ  চাপৰাকাটা উৰণীয়া সেতুৰ ওচৰত এই সুৰাৰ ঘাটি স্থাপন কৰাৰ খবৰ পাই গুৱাহাটীৰ পৰা অহা আবকাৰী বিভাগৰ চোৰাংচোৱা আৰু অপৰাধ অনুসন্ধান শাখাৰ দলে  অভিযান চলাই  ৩২৫ টা কাৰ্টুনত বিভিন্ন ব্ৰেণ্ডৰ অৰুণাচলী সুৰা জব্দ কৰে ৷ অভিযোগ অনুসৰি এই অবৈধ সুৰা ব্যৱসায় স্থানীয় আৱকাৰী বিভাগৰ বিষয়া -কৰ্মচাৰী  আৰু আৰক্ষীৰ সহযোগত চলাই আহিছে৷ নলবাৰী জিলাৰ নয়ন নামৰ এজন যুৱক আৰু জিলাখনৰ নাচনকুৰীৰ ময়েজউদ্দিন ওৰফে গেদা নামৰ যুৱক এজনে মিলি বঙাইগাঁও চহৰৰ ব্যৱসায়ী সীতাৰাম আগৰৱালাৰ এটা ঘৰ ভাৰাত লৈ এই অবৈধ বেপাৰ কৰি আছিল ৷ জানিব পৰা মতে ব্যৱসায়ী জনৰ এই গুডাম ঘৰতে অৰুণাচলত প্ৰস্তুত কৰা সুৰা আনি ইয়াত লেবেল সলনি কৰি অসমতে এই অবৈধ সুৰা প্ৰস্তুত কৰা বুলি দেখুৱাই বিভিন্ন ঠাইত বিক্ৰী কৰি আহিছে।অভিযানকাৰী দলে শুকুৰবাৰে চলোৱা অভিযানত সুৰা ব্যৱসায়ৰ লগত জড়িত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই। অভিযানত জব্দ কৰা সুৰা সমূহৰ বজাৰ মূল্য অনুমানিক সাত লাখ টকা হ'ব বুলি জানিব পৰা গৈছে ।

Your Comments