বাহাৰঘাটৰ বিভিন্ন ঠাইত অনুষ্ঠিত সৰস্বতী পূজা:মোবাইল আৰু ছেলফিৰ বাবে বন্ধ হৈছে ষ্টুডিঅ'ৰ ব্যৱসায়

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ লগতে কামৰূপ আৰু নলবাৰী জিলা সংযোগী বাহাৰঘাট অঞ্চলৰ প্ৰায়বোৰ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ লগতে কিছুসংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠানত উলহমালহেৰে বিদ্যাৰ অধিদ্ধাত্ৰী দেৱী সৰস্বতীৰ পূজা অনুষ্ঠিত কৰে৷পুৱাৰে পৰা বিদ্যালয়,মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সুন্দৰকৈ সাজপাৰ পিন্ধি ছেলফি উঠাৰ অঘোষিত প্ৰতিযোগিতাতহে যেন নামি পৰে৷মন কৰিবলগীয়া যে এটা সময়ত সৰস্বতী পূজাৰ দিনাখন বিশেষকৈ ছাত্ৰীসকলে ধুনীয়া সাজপাৰ পিন্ধি ষ্টুডিঅ'ত এটি ফটো উঠি পূজাৰ স্মৃতি সজীৱ কৰিছিল৷তাৰ বাবে ষ্টুডিঅ'ৰ ব্যৱসায়ীসকলে আগদিনাখনৰে পৰা ষ্টুডিঅ'টোক সজাইপৰাই আটকধুনীয়া কৰি তুলিছিল৷কিন্তু দুৰ্ভাগ্যজনক কথা যে বৰ্তমান এনড্ৰইড মোবাইলত ফটো বা চেলফি উঠি ফেচবুকত আপডেট দিয়াৰ প্ৰতিযোগিতাৰ বাবে ষ্টুডিঅ'ৰ ব্যৱসায় বন্ধ হৈ গৈছে৷এইসকল ষ্টুডিঅ'ৰ ব্যৱসায়ীয়ে বৰ্তমান বিকল্প চিন্তা কৰিবলৈ বাধ্য হৈছে৷আনহাতে বৃহস্পতিবাৰে সৰস্বতী পূজাৰ লগত সংগতি ৰাখি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,বাৰাংহাটী আঞ্চলিক সমিতিৰ এটি প্ৰতিনিধি দলে কামৰূপ জিলাৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ পূজাস্থলীত মহাবিদ্যালয়ৰ সদ্য দায়িত্বপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° ৰাতুল শৰ্মাৰ লগতে অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত সন্মানিত হবলগা নলবাৰী জিলাৰ জ্যেষ্ঠ সাংবাদিক নৰেন শৰ্মাক ফুলাম গামোচা,গছপুলি আৰু কলমৰে সম্বৰ্দ্ধনা জনায়৷তদুপৰি, অঞ্চলটোৰ সানেকুছিৰ পঃবঃঅম্বাপ্ৰিয়া চৌধুৰী ছোৱালী হাইস্কুল,বাহাৰঘাট শংকৰদেৱ বিদ্যা নিকেতন,বাহাৰঘাট নালান্দা পাব্লিক স্কুল,গড়পোট বাপুজী হাইস্কুল আদিকৰি প্ৰায়বোৰ শিক্ষানুষ্ঠানতে সৰস্বতী পূজা অনুষ্ঠিত কৰে।

Your Comments