অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ প্ৰতিনিধি,সাহিত্যনুৰাগীক আদৰিবলৈ সাজু আদৰণি সমিতি 

Pic

শুৱালকুছিৰ 'জ্যোতি ক্ষেত্ৰ'ৰ পৰা  মৃণাল ডেকা:

অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশন কামৰূপ জিলাৰ শুৱালকুছিৰ ব্ৰহ্মপুত্ৰ পাৰৰ সেউজ বালিচৰ 'জ্যোতি ক্ষেত্ৰ'ত ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ আয়োজিত হ'ব।ইতিমধ্যে,সাজু কৰি তোলা হৈছে মূল মঞ্চ,মঞ্চৰ ওপৰিও  সুকীয়াকৈ সজাই তোলা হৈছে ড° ভূপেন হাজৰিকা মঞ্চৰ লগতে কেইবাখনো মঞ্চ,গ্ৰন্থ মেলাৰ প্ৰাংগণ,আনন্দ মেলা,বাণিজ্য মেলা , প্ৰদৰ্শনী,নামঘৰ আদি।আনহাতে ,  শুৱালকুছি অধিৱেশনলৈ অহা নিমন্ত্ৰণী অতিথিসকল আৰু সমগ্ৰ ৰাজ্যৰ পৰা অহা প্ৰতিনিধি সকলক অভ্যৰ্থনাৰ  বাবে সাজু  আদৰণি সমিতি।পুৱাৰ ভাগত অসমীয়াৰ পৰম্পৰাগত লাৰু,পিঠা , আৰু লঘু আহাৰ থাকিব।দুপৰীয়া মাটি মাহৰ সৈতে নিৰামিষ আৰু নিশা আমিষৰ ব্যৱস্থা কৰা হৈছে।সৰ্বমুঠ এক লাখৰ পৰা ডেৰ লাখ লোকক আপ্যায়ন কৰিব ৷ ৰান্ধনী শালত থাকিব ৫০ টা চৌকা আৰু ২০০ গৰাকী ৰান্ধনী৷ইফালে,স্থানীয় কুটিৰ শিল্পী প্ৰকাশ বায়নে নিৰ্মাণ কৰা শুৱালকুছিৰ স্বাভিমানৰ প্ৰতীক তাঁতশালেৰে সাহিত্য সভালৈ আমন্ত্ৰণ কৰা প্ৰতিগৰাকী অতিথিক আদৰণি জনাব আদৰণি সমিতিয়ে।ইয়াৰ উপৰিও শিল্পী প্ৰকাশ বায়নে নিজ হাতেৰে তৈয়াৰী বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিছে।এই সামগ্ৰীসমূহ প্ৰদৰ্শন কৰাৰ বাবে প্ৰদৰ্শনী মেলাত দুটাকৈ ষ্টল সাজু কৰিছে।প্ৰদৰ্শনী মেলাত শ বছৰ পুৰণি সামগ্ৰী যেনে বৈঠা , ডোলা,বোৱা - কোটা,ৰজা মহাৰাজৰ দিনৰ বিশেষ মুদ্ৰা প্ৰদৰ্শন কৰাৰ বাবে শিল্পী প্ৰকাশ বায়নে সাজু কৰিছে।অধিৱেশনৰ প্ৰতিখন মঞ্চত পৰিৱেশনৰ কৰাৰ বাবে সাজু কৰা হৈছে ২০ টি সমবেত সঙ্গীত।ইয়াৰ বাবে  প্ৰায় তিনি শ শিল্পীয়ে দৈনিক দিনেই-নিশাই অনুশীলনত ব্যস্ত।আনহাতে, জৰুৰীকালীন সেৱাসমূহৰ ভিতৰত অগ্নিনিৰ্বাপক বাহনীৰ প্ৰায় ১৫ খনকৈ গাড়ী সভাস্থলীত সাজু কৰি ৰখা হৈছে। চিকিৎসা সেৱাৰ বাবে ১০ খন  বিচনাযুক্ত অস্থায়ী চিকিৎসালয়ো প্ৰায় সাজু হৈ উঠিছে।নিৰাপত্তাৰ দিশতো সমগ্ৰ সভাস্থলীত তিনি শতাধিক চি চি কেমেৰা স্থাপন কৰা হৈছে।অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনখনক লৈ এতিয়া বিৰামহীন ব্যস্ততা আদৰণি সমিতিৰ  লগতে বৃহত্তৰ শুৱালকুছিবাসীৰ ৷

Your Comments