মৰিগাঁৱৰ পৰা জিতুমণি নাথ:
'কা' বিৰোধী আন্দোলনকাৰীক তুচ্ছ-তাচ্ছিল্য তথা উপলুঙাসূচক মন্তব্য কৰাৰ পিছতেই বুুুধবাৰে ক'লা পতাকাৰ সন্মুখীন হ'ব লগীয়াত পৰে মৰিগাঁও জিলাৰ দুই জনপ্ৰতিনিধি ক্ৰমে মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু বিধায়ক ৰমাকান্ত দেউৰী। উল্লেখ্য যে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ভূমিহীন হিতাধিকাৰীৰ মাজত ভূমি পট্টা আৰু আৱন্টন পত্ৰসমূহ বিতৰণৰ উদ্দেশ্যৰে মঙলবাৰে মৰিগাঁও বিহুতলীত জিলা প্ৰশাসনে অনুষ্ঠিত কৰিছিল এখন সভা। জিলা উপায়ুক্ত ঋতুৰাজ বৰাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে 'কা' বিৰোধী আন্দোলনকাৰীক সমালোচনা কৰিবলৈ গৈ কেতবোৰ উপলুঙা আৰু তুচ্ছ-তাছিল্যমূলক মন্তব্য আগবঢ়ায়। বিধায়ক দেউৰীয়ে কয় 'কা' বিৰোধী আন্দোলনৰ নামত দুস্কৃতিকাৰী সকলে হিংসাত্মক আঁচনি গ্ৰহন কৰিছে। তেওঁলোকে চৰকাৰে ৰূপায়ণ কৰা উন্নয়নমুলক আচঁনিৰ সমূহক নেদেখে। তেওঁঁলোকৰ বাবে মুখ্যমন্ত্ৰীক বিনামূলীয়া চশমাজ্যোতি আচনি ৰূপায়ণ কৰিবলৈ কৈছো। বৰ্তমান সময়ত যিমানবোৰ উন্নয়ন হৈছে,সেয়া তুলনাবিহীন।ৰাইজক সকলোবোৰ সুবিধা দিয়া হৈছে। সেয়ে ৰাইজক কৈছোঁঁ, আপোনালোকে ল'ৰা ছোৱালী তুলিব আৰু আমি ভৰণ-পোষণৰ দায়িত্ব লম। ইয়াৰ বাবে কোনো চিন্তা কৰিব নালাগে। কিন্তু ইয়াৰ পিছতো যদি আপোনালোকে অহা নিৰ্বাচনত বিৰোধী বা কংগ্ৰেছক ভোট দিয়ে তেতিয়াহলে আপোনালোকক মহাপাপে চুব বুলি মন্তব্য কৰে। ইফালে নগৰ উন্নয়ন আৰু ৰাজ্যিক স্থাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় পূৰ্বৰ চৰকাৰৰ দিনতকৈ বৰ্তমানৰ চৰকাৰে যি উন্নয়ন কৰিছে সেইয়া খিলঞ্জীয়া ৰাইজৰ কথাৰ চিন্তা কৰি কৰা হৈছে। আমি সৰ্বসাধাৰণ ৰাইজৰ উন্নয়নৰ কথা চিন্তা কৰিহে আঁঁচনিসমূহ গ্ৰহণ কৰিছো। উন্নয়নৰ ক্ষেত্ৰত কিছু বাধা আহিছে যদিও আমি কোনোধৰণৰ বাধাকে কেৰেপ নকৰো বুলি মন্তব্য কৰে। মন্ত্ৰী পীয়ুষ হাজৰিকাই ভূমি পট্টা বিতৰনৰ কাৰ্যসূচী শুভাৰম্ভ কৰা সভাখনত জিলাখনৰ মুঠ ৪১৮ জন ভূমিহীন হিতাধিকাৰীৰ মাজত ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ কৰা হয়। সেই অনুসৰি মৰিগাঁও ৰাজহ চক্ৰত ২৬০ জন,মিকিৰভেটা ৰাজহ চক্ৰত ৮২ জন,মায়ং ৰাজহ চক্ৰত ৬১ জন আৰু ভূৰাগাঁও ৰাজহ চক্ৰত ১৫ জন হিতাধিকাৰীৰ মাজত ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ কৰা হয়। উল্লেখ্য যে সভাখনত 'কা' বিৰোধী আন্দোলনকাৰীক তুচ্ছ তাচ্ছিল্য তথা উপলুঙাসূূচক মন্তব্য কৰি সভাস্থলীৰ ওলাই আহোতেই মৰিগাঁও আছুৰ একাংশ কৰ্মীয়ে মৰিগাঁও নগৰৰ ২ নং পুলিচ পইন্টৰ কাষতেই ক'লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পিছত আৰক্ষীয়ে ক'লা পতাকা প্ৰদৰ্শন কৰা 'আছু'ৰ কৰ্মীসকলক চৰ্তভংগ দিয়াই।
- Log in to post comments
- 54 views