মাজুলীৰ ৪৫১৩টা পৰিয়ালক ভূমি পট্টা প্ৰদান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Pic

ৰাজীৱ পাতিৰ,মাজুলী: মাজুলীৰ দৰিয়াৰস্থিত মাজুলী মহাবিদ্যালয়ৰ খেলপথাৰত মঙলবাৰে আয়োজিত "ভূমিহীন হিতাধিকাৰীলৈ ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণৰ আনুষ্ঠানিক সমাৰোহ" এখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসম চৰকাৰৰ ৰাজহ বিভাগৰ উদ্যোগত আৰু মাজুলী জিলা প্ৰশাসনৰ সহযোগত আয়োজিত এই সমাৰোহত মাজুলী জিলাৰ ৪৫১৩টা ভূমিহীন পৰিয়ালৰ মাজত ভূমি আৱণ্টন পত্ৰ আৰু ম্যাদী পট্টা বিতৰণ কৰা হয়। সমাৰোহত মুখ্যমন্ত্ৰীয়ে নিজ হাতেৰে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীৰ হাতত ৰজাদিনীয়া সত্ৰখনৰ ভূমিৰ ম্যাদী খেৰাজি পট্টা অৰ্পণ কৰি এই ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ প্ৰক্ৰিয়াৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে।এই সমাৰোহতে মুখ্যমন্ত্ৰী নিজ হাতে জিলাখনৰ আন ১১টা ভূমিহীন পৰিয়ালৰ হিতাধিকাৰীৰ মাজত ভূমিৰ ম্যাদী খেৰাজি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰে। সমাৰোহত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, দেউৰী স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী,মাজুলী জিলা পৰিষদৰ সভানেত্ৰী পাপু হাজৰিকা দত্ত, ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ সঢিব অশোক বৰ্মন আৰু মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়েও অংশগ্ৰহণ কৰে। অনুষ্ঠানত দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ উপৰি নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীনাৰায়ণ চন্দ্ৰ দেৱগোস্বামী, উত্তৰ কমলাবাৰী সত্ৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীজনাৰ্দন দেৱগোস্বামী, ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীদত্তদেৱ গোস্বামী, গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীপৰমানন্দ দেৱগোস্বামী,ঔৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীশৰৎ চন্দ্ৰ দেৱগোস্বামীকে ধৰি মাজুলীৰ ভালেকেইগৰাকী সত্ৰাধিকাৰ উপস্থিত থাকে।

Your Comments