অনিৰ্দিষ্টকালীন বিটিএডি বন্ধৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত:'আক্ৰাছু'ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক: কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এনডিএফবিৰে শান্তি চুক্তি কৰাৰ নামত বিটিচিক অধিক ক্ষমতা প্ৰদানেৰে ইউটিচিৰ পৰ্যায়লৈ উন্নীতকৰণ প্ৰক্ৰিয়াৰ প্ৰতিবাদত সোমবাৰৰে পৰা আক্ৰাছু, এবিএমছু,অবড়ো সুৰক্ষা সমিতি, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা আৰু সদৌ অসম নাথ- যোগী ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে আহ্বান জনোৱা অনিৰ্দিষ্টকালীন বিটিএডি বন্ধৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিছে সংগঠনকেইটাই।মঙলবাৰে বঙাইগাঁৱৰ চিলাৰায় ইনডোৰ ষ্টেডিয়ামত আয়োজিত এখন সংবাদ মেলত বন্ধৰ আহ্বান জনোৱা সংগঠনকেইটাৰ হৈ আক্ৰাছু আৰু এবিএমছুই এই কথা প্ৰকাশ কৰে ৷ আক্ৰাছুৰ সভাপতি কৰ্মেশ্বৰ ৰায়, সাধাৰণ সম্পাদক জীৱেশ ৰায়, যুটীয়া সাধাৰণ সম্পাদক দিব্যজ্যোতি ডেকা, মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মন, এবিএমছুৰ উপ সভাপতি আইনুল হ'ক, আব্দুল হাকিম, সহকাৰী সম্পাদক জাইদুল ইছলাম আদি উপস্থিত থকা সংবাদ মেলত বিষয়ববীয়াসকলে কয় যে সৰস্বতী পূজা আৰু অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি সাময়িকভাৱে এই বন্ধৰ কাৰ্যসূচী স্থগিত ৰখা হৈছে ৷ কিন্তু সংগঠনসমূহে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৈ যি বিটিআৰ চুক্তি স্বাক্ষৰিত হ'লসেই চুক্তি মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে ৷ সংবাদমেলত আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে কয় যে বিগত ২০০৩ চনত বিটিএডি গঠন কৰা হ'ল ৷ তাৰ পূৰ্বে বিএচি গঠন কৰা হৈছিল ৷ এইবাৰ পুনৰ বিটিআৰ গঠন কৰা হ'ল ৷ এনডিএফবিৰ সৈতে ভাৰত চৰকাৰে শান্তি চুক্তিৰ নামত যি বিটিআৰ গঠন কৰিলে তাকলৈ আমি সন্তুষ্ট নহও ৷ কাৰণ বিগত সময়ত আমি দেখিছিলো যে বিটিএডি গঠন হোৱাৰ পিছৰে পৰা সেই অঞ্চলত বসবাস কৰি অহা অন্যান্য জাতি- জনগোষ্ঠীসকলে যিখিনি সা-সুবিধা তথা সম অধিকাৰ পাব লাগিছিল আৰু তেওঁলোকৰ যি সম-উন্নয়ন হ'ব লাগিছিল বাস্তৱ ক্ষেত্ৰত তাৰ ওলোটা ৰূপ এটাহে দেখিবলৈ পাইছো ৷ যাৰ কাৰণে আমি এইবাৰো যি বিটিআৰ চুক্তি হ'ল আৰু যাক বড়ো শান্তি চুক্তি বুলি কোৱা হৈছে তাত আমাৰ সন্দেহ আছে ৷ যোৱা সময়তো যিহেতু আমি বিভিন্ন অধিকাৰ তথা সা- সুবিধাৰ পৰা বঞ্চিত হৈ আহিছিলো এইবাৰো আমাৰ অন্যান্য জাতি- জনগোষ্ঠীসকলক নিঃশেষ কৰাৰ এক ষড়যন্ত্ৰ ৰচা বুলিহে সন্দেহ হৈছে ৷ আমিও শান্তি বিচাৰো ৷ এনডিএফবিয়ে অস্ত্ৰ ত্যাগ কৰি শান্তিৰ বাবে আগবাঢ়ি অহাত আমি ভাল পাইছো ৷ কিন্তু শান্তি আলোচনাৰ নামত যিখন বড়ো চু্ক্তি কৰিলে সেইখনকলৈকে আমি বিৰোধিতা কৰিছো ৷ আমি বিজেপি চৰকাৰক সকিয়াই দিছো যে জাতি- জনগোষ্ঠাসমূহক নিঃশেষ কৰাৰ যি চক্ৰান্ত সেই চক্ৰান্তৰ পৰিহাৰ কৰি সঁচা অৰ্থত জাতি- জনগোষ্ঠীসকলক যি সম মৰ্যাদা দিয়াৰ কথা কোৱা হৈছে সেয়া বাস্তৱ ক্ষেত্ৰত কৰি দেখুৱাওক ৷ কাৰণ যি বিটিআৰ গঠন কৰা হৈছে সেয়া প্ৰকৃততে এক প্ৰকাৰ ঐতিহাসিক কমতাপুৰৰ ভূমিত বড়োলেণ্ড ৰাজ্য গঠনৰ দিশত আগবাঢ়িছে আৰু অনাগত দিনত পৃথক ৰাজ্য গঠন অৱধাৰিত বুলি ভাৱিব পাৰি ৷ আনহাতে এবিএমছুৰ বিষয়ববীয়াসকলে কয় যে বিটিচিত সম অধিকাৰ লম উন্নয়নৰ কথা কোৱা হৈছিল যদিও বাস্তৱত একো নহ'ল ৷ থকাখিনিয়ে নাপালে, এতিয়া আৰু বিটিআৰ গঠনেৰে নতুন গাঁও অন্তৰ্ভুক্তি কৰাৰ পিছত তেওঁলোকক কেনেকৈ সম-অধিকাৰ দিব ৷ সেই এই চুক্তিত আমি মানি ল'ব পৰা নাই ৷ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যদি সৎ সাগৰ আছিল, কেতিয়াহলে বড়ো জনগোষ্ঠীৰ সন্তুষ্ট কৰিবলৈ গৈ বাকী জনগোষ্ঠীসকলক কিয় অন্ধকাৰত ৰাখিলে বুলিও প্ৰশ্ন কৰি অন্যান্য জাতি- জনগোষ্ঠীৰ সম অধিকাৰ আৰু সম উন্নয়ন হ'ব লাগিবই বুলি কয় ৷ উল্লেখ্য যে আক্ৰাছুৰ এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাও অনুষ্ঠিত হয় ৷ এই কাৰ্যনিৰ্বাহক সভাত সংগঠনটোৱে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ সভাত বিভিন্ন সংগঠনে শান্তি আলোচনাৰ নামত চৰকাৰে অন্যান্য জাতি- জনগোষ্ঠীসমূহক অন্ধকাৰত ৰাখি এনডিএফবিৰে একপক্ষীয়ভাৱে সম্পাদন কৰইভা ওলোৱা চুক্তিৰ বিৰোধিতা কৰি আহ্বান জনোৱা অনিৰ্দিষ্টকালীন বিটিএডি বন্ধৰ কাৰ্যসূচী সকলো সংগঠনৰ সৈতে হোৱা আলোচনামৰ্মে সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত এলানি আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰে ৷ আক্ৰাছুৰ নেতৃত্বই সংবাদ মেলত উল্লেখ কৰা মতে অহা ৭ ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী কোকৰাঝাৰলৈ অহাৰ দিনাই আক্ৰাছুই ক'লা বেজ পৰিধান কৰি ৰাজহুৱা স্থানত ক'লা পতাকা উৰুৱাই ক'লা দিৱস পালন কৰিব ৷ আনহাতে ১৬ ফেব্ৰুৱাৰীত জনগোষ্ঠীটোৰ বিভিন্ন দল- সংগঠনৰ উপস্থিতিত এখন জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰি বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে ২৩ ফেব্ৰুৱাৰীত কোকৰাঝাৰত এখন বিশাল গণসমাৱেশ আয়োজন কৰিব ৷ এই গণসমাৱেশৰ জৰিয়তে বিজেপি চৰকাৰখনে যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰিছে সেইসমূহ যে সম্পূৰ্ণৰূপে পক্ষপাতিত্বমূলক তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কপি দেখুৱাই দিম।সেইদৰে ১ মাৰ্চত ওদালগুৰিত গণসমাৱেশ অনুষ্ঠিত কৰাৰ লগতে পৰৱৰ্তী সময়ত জিলাই জিলাই নাগৰিক সভা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা বুলিও উল্লেখ কৰে ৷

Your Comments