বড়ো শান্তি চুক্তিৰ  প্ৰভাৱ:৩০জানুৱাৰীত অস্ত্ৰ এৰিব এনডিএফবিয়ে

Pic

"বড়ো শান্তি চুক্তিয়ে বড়োলেণ্ডলৈ স্থায়ী শান্তিৰ বাতাৱৰণ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।১৯৬৬ চনৰ পৰা আৰম্ভ হোৱা বড়ো আন্দোলনৰ সফল সমাপ্তি ঘটালে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে" -এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।স্বাক্ষৰিত হোৱা বড়ো শান্তি চুক্তি সন্দৰ্ভত মঙলবাৰে দিছপুৰৰ জনতা ভৱনত সংবাদমেল সম্বোধন কৰি শৰ্মাই কয়-"চাৰি হাজাৰ লোকে প্ৰাণ আহুতি দিলে বড়ো আন্দোলনত।পূৰ্বৰ দুয়োখন চুক্তিতকৈ পৃথক বৰ্তমান স্বাক্ষৰিত চুক্তিখন।কাৰণ পূৰ্বৰ চুক্তিত এনডিফবি আৰু সদৌ বড়ো ছাত্ৰ সন্থাই অংশগ্ৰহণ কৰা নাছিল।কিন্তু বৰ্তমানৰ চুক্তিত সকলোৱে স্বাক্ষৰ কৰিছে।"

বড়ো চুক্তিয়ে অবড়োসকলৰ বাবেও আশাৰ বতৰা কঢ়িয়াই অনা বুলি উল্লেখ কৰে মন্ত্ৰী শৰ্মাই।

"৩০ জানুৱাৰীত এনডিএফবিয়ে মুখ্যমন্ত্ৰীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে সম্বৰণ কৰিব অস্ত্ৰ।গুৱাহাটী বা ওদালগুৰিত হ'ব লগা এখন বিশেষ সভাত প্ৰায় ১৫শতকৈ অধিক কেডাৰে অস্ত্ৰ সম্বৰণ কৰিব"- এই কথা জানিবলৈ দিয়ে মন্ত্ৰী শৰ্মাই।লগতে অহা ৭ ফেব্ৰুৱাৰীত অসম চৰকাৰে প্ৰধানমন্ত্ৰী   নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক বড়ো শান্তি চুক্তিক আৰ্শীবাদ দিবলৈ অসমলৈ নিমন্ত্ৰণ দিয়া বুলি তেওঁ উল্লেখ কৰে।

Your Comments