'কা'ৰ বাতিলৰ দাবীত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিক্ষোভ

Pic

'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বাতিলৰ দাবীৰে মঙলবাৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাসহ ৩০জনগোষ্ঠীয় সংগঠনৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ।মঙলবাৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থায়ো মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত 'কা' বাতিলৰ দাবীত সাব্যস্ত কৰে বিক্ষোভ কাৰ্যসূচী।প্ৰায় দুই শতাধিক 'আছু' কর্মীয়ে বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।তেওঁলোকৰ স্পষ্ট বক্তব্য খিলঞ্জীয়া বিৰোধী বাংলাদেশী ৰক্ষক 'কা' কোনো কাৰণতে মানি লোৱা নহব।লগতে কয়-'অসম চুক্তি আখৰে-আখৰে ৰূপায়ণ কৰক,অন্যথা ভয়ংকৰ আন্দোলনৰ মুখামুখি হ'ব চৰকাৰ। উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাই ২৭-২৮ জানুৱাৰীত ঘোষণা কৰিছিল ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী।

Your Comments