'আক্ৰাছু'ৰ অসম বন্ধ: বঙাইগাঁৱত প্ৰতিবাদ সাব্যস্ত

Pic

বঙাইগাঁঁৱৰ  প্ৰতিবেদক:

এনডিএফবিৰ লগত শান্তি আলোচনাৰ নামত বিটিচিক অধিক ক্ষমতা প্ৰদান কৰি ইউটিচি পৰ্যায়লৈ উন্নীতকৰণ কৰিবলৈ ওলোৱা প্ৰক্ৰিয়াৰ প্ৰতিবাদ জনাই সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ 'আক্ৰাছু'ৰ অৰুণ কুমাৰ ৰায় গোটে সোমবাৰে পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ সময়চোৱাত আক্ৰাছু কৰ্মীসকলে বঙাইগাঁঁৱৰ বিভিন্ন ঠাইত টায়াৰ জ্বলাই প্ৰতিবাদ জনায়৷ বঙাইগাঁও চহৰৰ বৰপাৰা শ্বহীদ বেদীস্থিত আক্ৰাছু কাৰ্যালয়ৰ ওচৰৰ মূল ৰাজপথত পুৱা আক্ৰাছু কৰ্মীয়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ সেইদৰে চহৰখনৰ নিকটৱৰ্তী জেল্কাঝাৰ আৰু মূলাগাৱতো টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছু কৰ্মীসকলে৷ ইপিনে বন্ধৰ সময়চোৱাত বঙাইগাঁও চহৰৰ সকলো দোকান- পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, বজাৰ, বীমা তথা বেংক প্ৰতিষ্ঠান আদি বন্ধ থাকে ৷ বন্ধ থাকে যান- বাহনৰ চলাচলো ৷  চহৰখনত বন্ধৰ প্ৰভাৱ আছিল প্ৰায় সৰ্বাত্মক৷ বন্ধৰ প্ৰভাৱ জিলাখনৰ বিভিন্ন অঞ্চলত পৰে ৷ ইপিনে আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে সংবাদ মাধ্যমৰ আগত কয় যে কেন্দ্ৰীয় চৰকাৰে বিটিচিক অধিক ক্ষমতা প্ৰদানেৰে এনএফবিৰে যি বিটিআৰ চুক্তি স্বাক্ষৰিত কৰিলে,সেয়া ভৱিষ্যতে পৃথক ৰাজ্য গঠনৰ বাট মুকলি কৰি দিলে ৷ একপক্ষীয়ভাৱে কৰা এনে চুক্তি মানি লোৱা নহ'ব ৷ কাৰণ ইয়াৰ পূৰ্বেও বিজেপি চৰকাৰে যি বিটিচি চুক্তি স্বাক্ষৰিত কৰিছিল, সেই সময়তো বাকী জাতি-জনগোষ্ঠীক আন্ধাৰত ৰাখি চুক্তি কৰি কেৱল বড়ো জনগোষ্ঠীকহে সকলো অধিকাৰ দিছিল।এইবাৰো বিটিচিৰ কোচ ৰাজবংশীসকলকে ধৰি অন্যান্য জাতি - জনগোষ্ঠীসকলৰ ভূমিৰ অধিকাৰকে ধৰি বিভিন্ন অধিকাৰ খৰ্ব কৰা হ'ল ৷ বিটিচিৰ সমষ্টি ৬০ টালৈ বৃদ্ধি কৰা হ'ল ৷ এই চুক্তিৰ জৰিয়তে এটা কথা স্পষ্ট হ'ল যে চৰকাৰে বন্দুকৰ নলীক ভয় কৰে ৷ উল্লেখ্য যে এবিএমছুৱেও কেন্দ্ৰীয় চৰকাৰে বড়ো চুক্তিৰ নামত বিটিচিক অধিক ক্ষমতা প্ৰদান কৰিবলৈ ওলোৱাৰ প্ৰতিবাদত ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছিল ৷ 

বঙাইগাঁৱত 'আছা'ই দাহ কৰিলে গৃহমন্ত্ৰীৰ পুত্তোলিকা:

কেন্দ্ৰৰ বিজেপি চৰকাৰ তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিটিচিৰ অন্যান্য জাতি- জনগোষ্ঠী তথা দল- সংগঠনক সম্পূৰ্ণ অন্ধকাৰত ৰাখি কেৱল একপক্ষীয়ভাৱে এনডিএফবিৰ সৈতে কৰা চুক্তিৰ বিৰোধিতা কৰি আজি বঙাইগাঁও জিলা আছাই বীৰঝৰা চাহ বাগিছাত গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ জনায় ৷ লগতে দীৰ্ঘদিন ধৰি আদিবাসীসকলক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি অহাৰ পিছতো প্ৰতাৰণা কৰি অহাত আক্ষেপ প্ৰকাশ কৰে ৷ জনগোষ্ঠীটোক শীঘ্ৰে জনজাতিকৰণৰ বাবেও দাবী জনায় ৷ জিলা আছাৰ সভাপতি অমৃত জোজোৱে কয় যে বিটিচিত কেৱল বড়ো জনগোষ্ঠীৰে লোক নাই, অন্যান্য জনগোষ্ঠীৰো লোক আছে ৷ সেয়ে তাত অন্যান্য জাতি- জনগোষ্ঠীৰ লোকসকলোৰো সাংবিধানিক অধিকাৰ সুৰক্ষিত হ'ব লাগিব ৷ সেয়ে এনে একপক্ষীয় চুক্তিৰ আমি বিৰোধিতা কৰো ৷

 

Your Comments