ৰাষ্ট্ৰপতি বঁটাৰে সন্মানিত আৰক্ষী বিষয়া সুৰেশ শৰ্মা

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

গণৰাজ্য দিৱসৰ দিনা ৰাষ্ট্ৰপতি বঁটাৰে সন্মানিত হয় নলবাৰী জিলাৰ আৰক্ষী বিষয়া সুৰেশ চন্দ্ৰ শৰ্মা৷উল্লেখ্য যে যোৱা বৰ্ষৰ ২৬ জানুৱাৰীৰ দিনা প্ৰশংসনীয় সেৱাৰ বাবে এজন দক্ষ আৰক্ষী বিষয়া হিচাপে ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিৰ কাৰ্য্যলয়ৰ পৰা শৰ্মাৰ নাম ঘোষণাৰ পিচতে চলিত বৰ্ষৰ গণৰাজ্য দিৱসৰ দিনা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে শৰ্মাক উক্ত সন্মান প্ৰদান কৰে৷শৰ্মাই ১৯৮৬ চনত চিআইডি বিভাগৰ চাকৰিত যোগদান কৰি ২০০৯ চনত নলবাৰী জিলাৰ চি আই দি শাখাত এএছআই হিচাপে কৰ্মৰত হৈ থকাৰ সময়তে ২০১৯ চনৰ ২৬ জানুৱাৰী তাৰিখে দক্ষতাৰে সেৱা আগবঢ়োৱাৰ বাবে নলবাৰী জিলাৰ পৰা নিৰ্বাচিত হৈছে৷সেয়েহে উক্ত বঁটাটো চলিত বৰ্ষৰ ২৬ জানুৱাৰীৰ দিনা ৰাষ্ট্ৰপতিৰ হৈ ৰাজ্যপালে প্ৰদান কৰে৷শৰ্মা নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত দেহাৰকুছি (কলবাৰী)গাৱঁৰ প্ৰয়াত অম্বিকা শৰ্মা আৰু সৰস্বতী দেৱীৰ তৃতীয় সন্তান৷শৰ্মাৰ সফলতাত অঞ্চলটোৰ দল-সংগঠনে অভিনন্দন জ্ঞাপন কৰে৷

Your Comments