বইটামাৰীৰ প্ৰতিবেদক:
দেশৰ ৭১ সংখ্যক গণতন্ত্ৰ দিৱসৰ সন্ধিয়া বঙাইগাৱঁৰ বিদ্যাপুৰত 'কা' বিৰোধী আন্দোলনত অসমত মৃত্যুবৰণ কৰা ছহিদসকলৰ স্মৃতিত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰা হয়।'অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজ'ৰ বঙাইগাওঁ জিলা সমিতিৰ উদ্যোগত দেওবাৰে জিলাখনৰ বিদ্যাপুৰ প্ৰগতি সংঘ সামূহিক কেন্দ্ৰ প্ৰাংগণত উক্ত ছহিদসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰি সন্ধিয়া ১০০১ গছি বন্তি জ্বলায়।লগতে সংগঠনটোৱে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ বাবে চৰকাৰক দাবী জনায়।ইফালে,উক্ত স্থানতে পুৱা গণৰাজ্য দিৱস উপলক্ষে ত্ৰিৰংগ পতাকা উত্তোলন কৰে সংগঠনটোৰ কৰ্মীসকল তথা ৰাইজে।
- Log in to post comments
- 13 views