বঙাইগাঁৱৰ প্ৰতিবেদক:
কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে উগ্ৰপন্থী সংগঠন এন ডি এফ বিৰে শান্তি চুক্তি কৰাৰ নামত ইউটিচি গঠনৰ বাবে আগবঢ়া কাৰ্যৰ বিৰোধিতা কৰিছে বিভিন্ন জাতি- জনগোষ্ঠীয় সংগঠনে ৷ প্ৰস্তাৱিত ইউটিচি গঠনৰ নামত এতিয়া পুনৰ বিটিএডিকে ধৰি ৰাজ্যখনৰ পৰিস্থিতি ভয়ংকৰ হৈ উঠাৰ সম্ভাৱনাই দেখা দিছে ৷ ইতিমধ্যে পাঁঁচটাকৈ সংগঠনে প্ৰস্তাৱিত ইউটিচি গঠনৰ বিৰুদ্ধে একত্ৰিতভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাই নহয় বৰং বৰ্জনৰ ঘোষণা কৰিছে গণৰাজ্য দিৱসৰ চৰকাৰী কাৰ্যসূচীও ৷ সেইদৰে ২৭ জানুৱাৰীৰ পৰা বিটিএডিকে ধৰি প্ৰস্তাৱিত ইউটিচি এলেকা অনিৰ্দ্দিষ্টকালীন বন্ধৰ আহ্বান জনাইছে।শনিবাৰে বঙাইগাঁও চহৰৰ হোটেল শিৱালীত আয়োজিত এখন সংবাদ মেলত আক্ৰাছু, এবিএমছু, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, অবড়ো সুৰক্ষা সমিতি, নাথ- যোগী ছাত্ৰ সন্থাৰ নেতৃত্বই প্ৰস্তাৱিত ইউটিচি গঠনৰ বিৰোধিতা কৰি এই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে ৷ সংবাদমেলত আক্ৰাছুৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মনে কয় যে যি সকলে অসমত বিভিন্ন সময়ত কেৱল বিভিন্ন জনগোষ্ঠীৰ ওপৰতে নহয় বৰং সাধাৰণ ৰাইজৰ ওপৰত বোমা তথা নানা জঘন্য কাণ্ড সংঘটিত কৰাৰ লগতে গুলীৰে হাজাৰে-বিজাৰে লোকক হত্যা কৰিছিল সেই এনডিএফবিসকলৰ অস্ৰৰ জনজনিত ভাৰত চৰকাৰ তথা বিজেপি চৰকাৰে সেও মানি তেওঁলোকক মূলসূঁতিলৈ আনি শান্তি চুক্তি কৰিব বিচাৰিছে ৷ ইয়াৰ বাবে কাৰাগাৰৰ পৰা ৰঞ্জন দৈমাৰীক দিল্লীলৈ লৈ যোৱা হৈছে ৷ কিন্তু সকলোৱে জানে যে ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ লগত জড়িত এনডিএফবি নেতা ৰঞ্জন দৈমাৰীক ইতিমধ্যে আদালতে যাৱজ্জীৱন কাৰদণ্ডৰ বিহাৰ ৰায় প্ৰদান কৰিছিল ৷ সেই ৰায়ক নেওচি ভাৰত চৰকাৰে এটা কুটিল চক্ৰান্তৰ কৰি সুন্দৰভাৱে আথে- বেথে ধৰি এনডিএফবি নেতাজনক দিল্লীলৈ গৈ সেইসকলৰ লগত চৰকাৰে শান্তি চুক্তি কৰিব বিচাৰিছে ৷ আমি বিভিন্ন দল- সংগঠনে এই শান্তি চুক্তিৰ বিৰোধিতা কৰা নাই ৷ শান্তি চুক্তি হওক৷ কিন্তু শান্তি চুক্তিৰ নামত বিটিএডিৰ যি সকল জনগোষ্ঠী তথা ভূমিপুত্ৰ খিলঞ্জীয়া লোক আছে, তেওঁলোকক আন্ধাৰত ৰাখি যি চুক্তি তথা ইউটিচি গঠনৰ চুক্তি কৰিবলৈ ওলাইছে তাক আমি আক্ৰাছু, এবিএমছু, নাথ- যোগী ছাত্ৰ সন্থা, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, অবড়ো সুৰক্ষা সমিতি আদি বিভিন্ন সংগঠনে বিৰোধিতা কৰিছো ৷ এই চুক্তি এক জনবিৰধী চুক্তি ৷ তদুপৰি আমি জানিব পৰা মতে তেওঁলোকে ইয়াৰ বাবে সি মডেলিটি প্ৰস্তুত কৰিছে, সেই মডেলিটিত সম্পূৰ্ণৰূপে মাটি- বাৰী,চাকৰি -বাকৰি আদি বিভিন্ন ক্ষেত্ৰত জনজাতিসকলৰ দাবী সন্নবিষ্ট কৰি কেৱল এটা জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত কৰি বিভিন্ন জনগোষ্ঠীৰ অধিকাৰক ভৰিৰে মোহাৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উপস্থাপন কৰিছে ৷ এই আলোচনাত এ বি মাথুৰে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে ৷
এ বি মাথুৰক আমি সকিয়াই দিছো যে কোনো কাৰণতে এই চুক্তি মানি লোৱা নহ'ব ৷ এই চুক্তিখন ২৭ জানুৱাৰীত কৰিবলৈ গৈ আছে বুলি আমি জানিব পাৰিছো ৷ এই চুক্তিখন কোনোপধ্যেই নামানো ৷ এই চুক্তিখন অগণতান্ত্ৰিক
আৰু সাংবিধানিকভাৱে এই চুক্তিখন নহয় ৷ সংসদতো এই চুক্তিৰ বিষয়ে উত্থাপন হোৱা নাই ৷
এই চৰকাৰে নিজাববীয়াভাৱে আৰু নিজৰ স্বাৰ্থ লাভৰ কাৰণে অসমখনক যে বহুদিনৰ পৰা খণ্ড- বিখণ্ড কৰাৰ পৰিকল্পনা লৈছিল সেই কথা স্পষ্ট হ'ল ৷ অসমখনৰ লগতে অসমৰ জনগোষ্ঠীসকলক এইখন চৰকাৰে কোনো দিনে একত্ৰিত হৈ থাকিব নিদিয়ে ৷ লগতে এই উগ্ৰপন্থী সংগঠনসমূহ বিজেপি চৰকাৰৰে যে সৃষ্টি সেই কথাটো আজি আমি ভাবিলৈ বাধ্য হৈছো আৰু বিশ্বাস কৰিবলৈ লৈছো ৷ এই কাৰণে বিশ্বাস কৰিবলৈ বাধ্য হৈছো যে বিটিচি যেতিয়া গঠন হৈছিল তেতিয়া বিজেপি চৰকাৰেই গঠন কৰিছিল ৷ এতিয়া এই বিজেপি চৰকাৰেই অসমখনক খণ্ড- বিখণ্ড কৰিব বিচাৰিছে ৷ সেয়ে এন ডি এফ নামৰ যিটো উগ্ৰপন্থী সংগঠন এই সংগঠনটো বিজেপি চৰকাৰেই সৃষ্টি কৰা বুলি আমি অনুভৱ কৰিছো ৷ যাৰ কাৰণে এটা কম জনসংখ্যাৰ জনগোষ্ঠীয়ে আজি সকলো সুবিধা লাভ কৰাৰ বিপৰীতে আন বৃহৎ জনসংখ্যাৰ জনগোষ্ঠীসকলক বঞ্চিত কৰা হৈছে ৷ কম জনসংখ্যাৰ জনগোষ্ঠী এটাক বৃহৎ অঞ্চল দিবলৈ ওলোৱা ভাৰত চৰকাৰৰ এই কাৰ্যক আমি ধিক্কাৰ দিছো ৷ কাৰণ লক্ষীমপুৰৰ পৰা ধুবুৰীলৈ যদি এই উত্তৰ অঞ্চলটো চোৱা যায় তেতিয়াহ'লে এই অঞ্চলৰ যিখিনি জনসংখ্যা আছে তাত বড়ো জনগোষ্ঠী বা জনজাতি লোকৰ সংখ্যা মাত্ৰ আঠ শতাংশৰো কম ৷ তেনেক্ষেত্ৰত এই অঞ্চলৰ আন বৃহৎ জনগোষ্ঠীৰ লোকৰ যদি অধিকাৰ খৰ্ব কৰি কেৱল আঠ শতাংকৰো কম জনসংখ্যাৰ জনগোষ্ঠীৰ লোকৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰিব বিচাৰিছে তেতিয়াহ'লে সেয়া নিৰ্লজ্জ আৰু অসাংবিধানিক ৷ সেয়ে যেতিয়ালৈকে এই চুক্তি সন্দৰ্ভত বিভিন্ন দল- সংগঠনৰ সৈতে চৰকাৰে আলোচনা কৰি সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ নকৰে তেতিয়ালৈকে আমি এই চুক্তি মানি নলও ৷ এয়া শান্তি চুক্তি নহয় বৰং এয়া হ'ল এটা জুই জ্বলোৱা চুক্তি ৷ শান্তি নহয় অশান্তিৰ পৰিৱেশ সৃংষ্টি কৰাৰ বাবেহে বিজেপি চৰকাৰ লাগি পৰিছে ৷ সেয়ে আমি সংবাদমেলত উপস্থিত থকা সংগঠনসমূহে প্ৰস্তাৱিত ইউটিচিৰ বিৰোধিতা কৰি গণৰাজ্য দিৱস বৰ্জন কৰাৰ ঘোষণা কৰিছো ৷ কাৰণ যি গণতন্ত্ৰৰ
জৰিয়তে আমি আমাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছো সেই গণতান্ত্ৰিক দেশত জনসাধাৰণক নিঃশেষ কৰিব বিচৰাতো দুৰ্ভাগ্যজনক ৷ যাৰ বাবে আমি গণৰাজ্য দিৱস বৰ্জন কৰিবলৈ বাধ্য হৈছো ৷ লগতে ২৭ জানুৱাৰীৰ পৰা বিটিএডিৰ লগতে প্ৰস্তাৱিত ইউটিচিত সামৰি ল'বলগীয়া এলেকাসমূহ অনিৰ্দ্দিষ্টকালীন বন্ধৰ আহ্বান জনায় ৷ বাকী জিলাত আক্ৰাছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও মুখ্য উপদেষ্টাগৰাকীয়ে সংবাদ মেলত ঘোষণা কৰে ৷
যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে বিটিচিৰ বিভিন্ন জাতি- জনগোষ্ঠীয় দল- সংগঠনৰ লগত আলোচনা কৰি ৰাজনৈতিকভাৱে বিষয়টো সমাধান নকৰে তেতিয়ালৈকে বন্ধ অব্যাহত থাকিব ৷ ইয়াৰ ফলত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ বাবে বিজেপি চৰকাৰ জগৰীয়া হ'ব ৷
সেইদৰে ২৯ জানুৱাৰীত প্ৰস্তাৱিত ইউটিচিৰ বিৰোধিতা কৰি পত্ৰ প্ৰদান কৰাৰ লগতে ৩০ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰি ইয়াৰ বিৰোধিতা কৰিব ৷ এই ক্ষেত্ৰত কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াক গৃহমন্ত্ৰীগৰাকীক লগ ধৰাই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কপাৰ বাবেও আহ্বান জনায় ৷ তাৰ পিছতো যদি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া হলে ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি কয়৷
আক্ৰাছুৰ উপদেষ্টাগৰাকীয়ে লক্ষীমপুৰ, দৰং, শোণিতপুৰ,ওদালগুৰি,বাক্সা, বৰপেটা,নলবাৰী, চিৰাং, কোকৰাঝাৰ,ধুবুৰী আদি জিলা প্ৰস্তাৱিত ইউটিচিত সামৰি লোৱাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা বুলিও কয় ৷ বাকী জাতি- জনগোষ্ঠীৰ সকলো অধিকাৰ সুৰক্ষিত নোহোৱালৈকে আমি কোনো চুক্তি মানি নলও ৷ ইপিনে সংবাদমেলত উপস্থিত থকা এবিএমছুৰ সাধাৰণ সম্পাদক টাইচন হুছেইনে কয় যে বিটিএডি অঞ্চলত বসবাস কৰি থকা ২২ লাখ অবড়ো জনসাধাৰণক আন্ধাৰত ৰাখি অসমখনক খণ্ড - বিখণ্ড কৰিবলৈ গৈ তথা অসমূয়া জাতিক নিঃশেষ কৰিবলৈ গৈ যি ষড়যন্ত্ৰ ৰচিছে তাত আমাক বলিশালত তুলি দিছে ৷ এই বিজেপি চৰকাৰে 'কা' বিৰোধী আন্দোলনৰ আঁৰ লৈ গোপনে বিটিচিত ভোট বেংক গঢ়ি তোলাৰ কাৰণে লক্ষীমপুৰৰ পৰা ধুবুৰীলৈকে এখন সুকীয়া ৰাজ্য গঠন কৰিবলৈ ষড়যন্ত্ৰ কৰিছে ৷ এনডিএফবিৰ সকলো গোটকে দিল্লীলৈ মাতি লৈ হৈছে ৷ দিল্লীত এখন সুকীয়া ৰাজ্য গঠন বা ইউটিচি গঠনৰ বিধি প্ৰস্তুত কৰা হ'ব ৷ আমি ইয়াৰ বিৰোধিতা কৰিছো ৷ ইউটিচি মানি নলও ৷ ইয়াৰ বিৰুদ্ধে আমাৰ যৌথ সংগ্ৰাম চলি থাকিব ৷ অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক মাধৱ ৰাজবংশীয়ে কয় যে ২০০৩ চনত এই বিজেপি চৰকাৰে বিটিচি চুক্তিৰ জৰিয়তে অঞ্চলটোৰ ২২ লক্ষ অবড়ো জনসাধাৰণক ৰাজনৈতিকভাৱে হত্যা কৰিছিল৷ এইবাৰ পুনৰ বিজেপি চৰকাৰে বিটিচিৰ অবড়ো জনসাধাৰণক ৰাজনৈতিকভাৱে হত্যা কৰিব ওলাইছে ৷ শান্তি চুক্তি হওক ৷ কিন্তু এই চুক্তিৰ দ্বাৰা যাতে অন্যান্য জনগোষ্ঠীৰ অধিকাৰ খৰ্ব কৰা নহয় আৰু প্ৰচাৰিত কৰা নহয় ৷ নহলে বিটিচিত জুই জ্বলিব ৷ বিটিচিত আমি কাকো শান্তিকালীন বসবাস কৰিবলৈ নিদিও ৷ ঘোষিত আন্দোলনৰ কাৰ্যসূচীলৈ সমৰ্থন জনায় ৷ কলিতা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ কলিতাই কয় যে বিটিটিবি চুক্তিৰ সময়ত যিসকল জাতীয় সংগঠনে মাত মাতিছিল সেই সংগঠনসমূহৰ আজি মাত নাই ৷ ক'ত গ'ল ৷ আমাৰ কথা হ'ল বিটিএডিত বসবাস কৰা প্ৰতিটো জাতি- জনগোষ্ঠীৰ ভৱিষ্যৎ সুৰক্ষিত হ'ব লাগিব, সম অধিকাৰ আৰু সম ন্যায়াৰে জীয়াই থকাৰ অধিকাৰ পাব লাগিব ৷ এনডিএফ বি, বিএলটিৰ দ্বাৰ বিটিএডিত হত্যা- হিংসা হৈছিল ৷ সেইসকলৰ লগতে চুক্তি হৈ আছে ৷ আমি নতুন কোনো চুক্তি মানি নলও ৷ প্ৰয়োজনত আমিও অস্ৰৰ ভাবুকি দিম বড়োসকলৰ দৰে ৷ যদি আমি সংগ্ৰাম কৰিলগীয়া হয় তেতিয়াহলে কিন্তু তেওঁলোকে জীয়াই থাকিবলৈ এটুকুৰা ভূমি বিচাৰি নাপাব ৷ আনহাতে নাথ - যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে কয় যে কেন্দ্ৰীয় চৰকাৰে কেৱল এটা জনগোষ্ঠীৰ কাৰণে যিখন চুক্তি কৰিবলৈ ওলাইছে সেইখন চুক্তিক আমি কেতিয়াও নামানো ৷ বিটিচিৰ সকলো জাতি- জনগোষ্ঠীয়ে মানি নলয় ৷ কেৱল দহ শতাংশৰ তলৰ এটা জনগোষ্ঠীয়ে ৯০ শতাংশ লোকক শাসন কৰাৰ ঘটনা পৃথিৱীত নাই ৷ বিজেপি চৰকাৰে কৰিবলৈ গৈ আছে ৷ আমি মানি ল'ব নোৱাৰো ৷ আমি বিটিএডিৰ সমূহ জনসাধাৰণক গণৰাজ্য দিৱস বৰ্জন কৰিবলৈ আহ্বান জনাইছো ৷ যেতিয়ালৈকে আন জনগোষ্ঠীসমূহৰ মৌলিক অধিকাৰসমূহ ওভোতাই নিদিয়ে তেতিয়ালৈকে সংগ্ৰাম চলি যাব ৷ ৰাজনৈতিকভাৱে বিষয়সমূহ সমাধা হ'ব লাগিব ৷ বিজেপি চৰকাৰে জাতি- জনগোষ্ঠীসমূহক ভাগ ভাগ কৰি আহিছে ৷ এয়া ৰোধ কৰিব লাগিব ৷ ইয়াৰ বাবে আমি সকলোৱে আগবাঢ়ি আহিব লাগিব বুলিও কয় ৷ সংবাদ মেলত আক্ৰাছুৰ সভাপতি কৰ্মেশ্বৰ ৰায় আৰু সাধাৰণ সম্পাদক জীৱেশ ৰায়েও চুক্তিৰ বিৰোধিতা কৰে আৰু বিটিএডিত সকলো জাতি- জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত হ'ব লাগিব বুলি কয় ৷ লগতে কেএলঅকো চৰকাৰক আলোচনাৰ মজিয়ালৈ আনিবলৈ আহ্বান জনায় ৷ সংবাদ মেলত সংগঠনকেইটাৰ কেবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল ৷
- Log in to post comments
- 37 views