কংগ্ৰেছৰ নিৰ্বাচনী ইছ্যু হ’ব মোডী চৰকাৰৰ ৰাফেল ক্ৰয় কেলেংকাৰী

কংগ্ৰেছৰ নিৰ্বাচনী ইছ্যু হ’ব মোডী চৰকাৰৰ ৰাফেল ক্ৰয় কেলেংকাৰী

দেশৰ প্ৰতিৰক্ষা বিভাগে ফ্ৰান্সৰ পৰা যুদ্ধ বিমান ৰাফেল ক্ৰয় কৰাক লৈ তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে দেশৰ ৰাজনীতিত ৷ কংগ্ৰেছে ৰাফেল বিমান ক্ৰয় মোডী চৰকাৰৰ অন্যতম বৃহৎ কেলংকাৰী বুলি অভিযোগ উত্থাপন কৰিছে ৷

দেশৰ প্ৰতিৰক্ষা খণ্ডত সৰ্ববৃহৎ দুৰ্নীতি বুলি অভিহিত কৰি কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে ৰাফেল ক্ৰয় কেলেংকাৰীক মোডী চৰকাৰৰ বিৰুদ্ধে ৰাজনৈতিক ইছ্যু হিচাপে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ লোকসভাৰ মজিয়াত এই বিষয়টো উত্থাপন কৰিলে ৰাহুল গান্ধীয়ে ৷

কংগ্ৰেছৰ নিৰ্বাচনী ইছ্যু হ’ব মোডী চৰকাৰৰ ৰাফেল ক্ৰয় কেলেংকাৰী

শেহতীয়াভাৱে ৰাফেল বিমান ক্ৰয়ৰ বিষয়টো পোহৰলৈ আনি বিতৰ্কৰ সৃষ্টি কৰিলে অনিল আম্বানীয়ে ৷ অনিল আম্বানীয়ে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীলৈ এক পত্ৰৰ জৰিয়তে ৰাফেল ক্ৰয়ক লৈ কংগ্ৰেছে ভুল বক্তব্য প্ৰকাশ কৰিছে বুলি জনাইছিল ৷

ৰাফেল ক্ৰয়ৰ বিষয়টোৰ লগত কংগ্ৰেছৰ বহুকেইজন নেতাই ৰিলায়েন্সৰ অনিল আম্বানিক সাঙুৰি অভিযোগ উত্থাপন কৰাত অনিল আম্বানিয়ে কংগ্ৰেছ নেতৃবৰ্গলৈ আইনগত জাননী প্ৰেৰণ কৰিছে ৷

ৰিলায়েন্সৰ পৰা আইনী জাননী লাভ কৰাৰ লগে লগে কংগ্ৰেছ নেতৃবৰ্গ অগ্নিশৰ্মা হৈ পৰে ৷ ৰাহুল গান্ধীয়ে জাননী লাভ কৰা কংগ্ৰেছ নেতাসকলক মাতি নতুন দিল্লীত আলোচনা কৰে আৰু সকলোকে অভয় দান কৰে ৷

কংগ্ৰেছৰ নিৰ্বাচনী ইছ্যু হ’ব মোডী চৰকাৰৰ ৰাফেল ক্ৰয় কেলেংকাৰী

কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে ৰাফেল কেলেংকাৰীক লৈ অধিক প্ৰচাৰ কৰাৰ বাবেহে সিদ্ধান্ত প্ৰকাশ কৰে ৷ দুৰ্নীতিমুক্ত বুলি প্ৰচাৰ চলোৱা মোডী চৰকাৰৰ বিৰুদ্ধে প্ৰতিৰক্ষা খণ্ডত সৰ্ববৃহৎ কেলেংকাৰী হিচাপে ৰাফেল বিমান ক্ৰয়ৰ বিষয়টোক ইছ্যু হিচাপে থিয় কৰাৰ নিৰ্দেশ দিছে ৰাহুল গান্ধীয়ে ৷

মোডী চৰকাৰে আনুমানিকভাৱে এই বিষয়টোৰ আঁৰত বিৰোধী আশ্বস্ত হ’ব পৰাকৈ স্পষ্টীকৰণ দিব পৰা নাই ৷ ফলত বিজেপিৰ ভিতৰৰ পৰাও জ্যেষ্ঠ নেতাসকলে প্ৰতিবাদ আৰম্ভ কৰিবলৈ বাধ্য হৈছে ৷

বিজেপিৰ বৰ্ষীয়ান নেতা অৰুণ শ্ব'ৰী, যশবন্ত সিনহাৰ লগতে আইনজ্ঞ প্ৰশান্ত ভূষণে বেচৰকাৰী সংস্থাৰ উদ্যোগত ৰাফেল বিমান ক্ৰয় কৰা বিষয়টোত অভিযোগ কৰিছে ৷ অৰুণ শ্বে'ৰী আৰু যশবন্ত সিনহাই ৰাজীৱ গান্ধী চৰকাৰৰ দিনৰ ব'ফৰ্ছ কেলংকাৰীতকৈ ৰাফেল ক্ৰয় কেলেংকাৰী বৃহৎ বুলি মত প্ৰকাশ কৰিছে ৷

ৰাফেল কেলেংকাৰীৰ মূল অভিযোগটো হ’ল- মনমোহন সিং চৰকাৰে ২০১২ চনত ফৰাচী সংস্থা দাসো এভিয়েচনৰ সৈতে বায়ুসেনাৰ বাবে ১২৬খন ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

কংগ্ৰেছৰ নিৰ্বাচনী ইছ্যু হ’ব মোডী চৰকাৰৰ ৰাফেল ক্ৰয় কেলেংকাৰী

ইউ পি এ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ১৮খন বিমান ফ্ৰান্সৰ পৰা ক্ৰয় কৰিব আৰু বাকী ১০৮খন ভাৰতত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিন্দুস্তান এৰ’নেটিক্সৰ সৈতে যৌথভাৱে নিৰ্মাণ কৰিব ৷ মোডী চৰকাৰ আহি ৰাফেল ক্ৰয়ৰ চুক্তিৰ পৰিৱৰ্তন কৰিলে ৷

৩৬খন বিমান ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু বাকী বিমানৰ ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিন্দুস্তান এৰ’নেটিক্স লিমিটেডৰ পৰিৱৰ্তে অনিল আম্বানীৰ ৰিলায়েন্স ডিফেন্সৰ দ্বাৰা নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ৷

কংগ্ৰেছৰ নিৰ্বাচনী ইছ্যু হ’ব মোডী চৰকাৰৰ ৰাফেল ক্ৰয় কেলেংকাৰী

ব্যক্তিগত কোম্পানী ৰিলায়েন্স ডিফেন্সক বিমানসমূহ তদাৰক কৰাৰো দায়িত্ব দিব বিচৰা হ’ল ৷ কংগ্ৰেছৰ অভিযোগ মতে, যিখন ৰাফেল বিমানৰ দাম মনমোহন সিং চৰকাৰে ৫২৬.১০ কোটি টকা নিৰ্ধাৰণ কৰিছিল সেইখন বিমান এতিয়া মোডী চৰকাৰে ১৬৭০.৭০ কোটি টকাত ক্ৰয় কৰাৰ চুক্তি কৰিছে ৷

কংগ্ৰেছৰ ৰাজহুৱা প্ৰশ্ন- এখন ৰাফেল বিমানৰ বাবে অতিৰিক্ত ১১৪৪.৬০ কোটি টকা কিয় নিৰ্ধাৰণ কৰিলে মোডী চৰকাৰে ৷ এই প্ৰসঙ্গই দেশৰ ৰাজনীতি তোলপাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰক্ষাৰ বিষয়টো গোপনীয় বুলি বিষয়বস্তুৰ পৰা আঁতৰিবলৈ চেষ্টা কৰিব পাৰে ৷ এনে ক্ষেত্ৰত কংগ্ৰেছৰ স্থিতি লক্ষ্য কৰিবলগা হ’ব ৷
 

Your Comments