বঙাইগাঁৱৰ আৰোগ্য হাস্পতাল:চিকিৎসাৰ অভাৱত ডেৰ মহীয়া শিশুৰ মুত্যুৰ অভিযোগ অভিভাৱকৰ

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

মানৱ সেৱা বুলি পৰিচিত চিকিৎসা বৃত্তিক এতিয়া একাংশ ব্যক্তিগত চিকিৎসালয়ে কেৱল ব্যৱসায় হিচাপে গ্ৰহণ কৰাত ৰোগীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ এনে চিকিৎসালয়ত কেৱল ব্যৱসায়ক আগস্থান দিয়াৰ ফলত ৰোগীয়ে প্ৰকৃত চিকিৎসা লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ লগতে চলিছে অমানৱীয় ঘটনা।চিকিৎসালয়ত ভৰ্তি কৰা ৰোগী চিকিৎসাৰ অভাৱত মৃত্যুক সাৱতি ল'বলগীয়াও হৈছে ৷ তেনে অভিযোগেই উত্থাপিত হৈছে বঙাইগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে ৷ বঙাইগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত আৰোগ্য হাস্পাতল এণ্ড ৰিছাৰ্ছ চেণ্টাৰত শুকুৰবাৰে ডেৰমহীয়া শিশুৰ মৃত্যুৰ পিছতে চিকিৎসালয় কৰ্তৃপক্ষৰ প্ৰকৃত স্বৰূপ ওলাই পৰে ৷ শিশুটি চিকিৎসালয় কৰ্তৃপক্ষৰ হেমাহি তথা প্ৰকৃত চিকিৎসাৰ অভাৱৰ বাবেই মৃত্যু হোৱা বুলি অভিভাৱকে অভিযোগ উত্থাপন কৰিছে ৷ জানিব পৰা মতে ধুবুৰী জিলাৰ সাপটগ্ৰামৰ ৰিংকু কলিতা নামৰ ব্যক্তি এজনে তেওঁৰ ডেৰ মহীয়া অসুস্থ কন্যা সন্তানটিক বৃহস্পতিবাৰে পুৱা ১১ মান বজাত চিকিৎসাৰ বাবে আৰোগ্য হাস্পাতালত ভৰ্তি কৰিছিল ৷ শিশুটিক চিকিৎসালয়খনত ভৰ্তি কৰাত কতৃপক্ষই আইচিইউত ৰখাৰ ব্যৱস্থা কৰে । কিন্তু দীৰ্ঘ সময় ধৰি কোনো শিশু ৰোগ বিভাগৰ চিকিৎসকে শিশুটিক চোৱা নাছিল ৷ পিছত শিশুটিক নিশা ন মান বজাত হে এজন শিশু চিকিৎসক উপস্থিত হৈ চোৱা -চিতা কৰিছিল। ইপিনে শুকুৰবাৰে পুৱাৰ ভাগত শিশুটিৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটে ৷ এনে অৱস্থাতো দীৰ্ঘ সময় ধৰি শিশু চিকিৎসক উপস্থিত নাছিল বুলি অভিযোগ উত্থাপন কৰিছে অভিভাৱকে ৷ কাৰণ নিশা যিগৰাকী চিকিৎসকে শিশুটিৰ চিকিৎসা কৰিছিল তেওঁ হেনো জৰুৰী কামত পুৱা গুৱাহাটীলৈ যায় ৷ পিছত এগৰাকী চিকিৎসক উপস্থিত হৈ শিশুটিক মৃত বুলি ঘোষণা কৰে ৷ ইপিনে চিকিৎসকজনৰ আচৰণ দেখি শিশুটিৰ পিতৃ ৰিংকু কলিতাৰ সন্দেহ জাগে ৷ লোকজনে লগে লগে মোৱাইল কেমেৰা অন কৰি চিকিৎসকজনৰ পৰিচয় জানিব বিচৰাত চিকিৎসকজনে পলায়ণ কৰিবলৈ লয় আৰু প্ৰথমে পৰিচয় দিবলৈ অমান্তি হয় যদিও পিছত নিজকে হাস্পাতালখনৰ চিকিৎসক বুলি পৰিচয় দিয়ে ৷ এই সন্দৰ্ভত সাংবাদিকে হাস্পাতাল কৰ্তৃপক্ষৰ হৈ ডাঃ এম এন শইকীয়াক প্ৰশ্ন কৰাত কয় যে নাজিমুদ্দিন বিশেষজ্ঞ নহয়, তেওঁ হ'ল ৰেচিডেন্স চিকিৎসক ৷ তেওঁ এমবিবিএছ ডিগ্ৰীধাৰী নহয় ৷ তেওঁ যোৰহাটত প্ৰশিক্ষণ লোৱা ৷ সাংবাদিকে এনে চিকিৎসকক কিয় চিকিৎসালয়ত ৰখা হয় বুলি প্ৰশ্ন কৰাত ডাঃ শইকিয়াই কয় যে ২৪ ঘণ্টাই চিকিৎসক পোৱা সম্ভৱ নহয় ৷ সেয়ে কেৱল ৰোগীক চাবৰ ৰখা হৈছে ৷ চিকিৎসা কৰিবলৈ নহয় ৷ তেওঁ চিকিৎসা কৰিব নোৱাৰে আদি দায় সৰা মন্তব্য কৰে ৷ শিশুটিৰ পিতৃয়ে শিশু চিকিৎসক আৰু উন্নত চিকিৎসাৰ অভাৱতে শিশুটিৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৷ মৃত শিশুটিৰ পিতৃ ৰিংকু কলিতাই  সংবাদ মাধ্যমৰ আগত যে শিশুটিক হাস্পাতালত ভৰ্তি কৰাৰ পিছত দিনটোত এবাৰো এজনো চিকিৎসক অহা নাছিল ৷ কিন্তু নিশা ন মান বজাত শিশু চিকিৎসক এজন আহি শিশুটিক চাই শিশুটি ঠিকে আছে বুলি কৈ ভাল হওঁঁতে পাঁচ দিনমান লাগিব বুলি কয় ৷ পিছত গোটেই নিশা নাৰ্ছে শিশুটিক গাখীৰ খুৱাবলৈ মাকক মাতি নিয়ে ৷ মাকেও শিশুটি ভালে থকা বুলি কয় ৷ কিন্তু পুৱা আঠটামান বজাত মাকে শিশুটিক গাখীৰ খুৱাই অহাৰ পিছত এঘণ্টামান পিছতে এজনী মাৰিছে শিশুটিৰ পিতৃ ৰিংকু কলিতাক মাতি লৈ যায় ৷ তেওঁ শিশুটিক ৰখা কোঠাত কোনো হিটাৰৰ ব্যৱস্থা নাছিল আৰু অক্সিজেন শেষ হোৱা বুলিও অভিযোগ কৰে ৷ আনকি তাত থকা চিকিৎসকজনক তেওঁ কোন বিভাগৰ চিকিৎসক আদি প্ৰশ্ন কৰাত চিকিৎসকজন পলাবলৈ বিচৰা বুলিও অভিযোগ কৰে ৷ সেইদৰে মৃত শিশুটিৰ মাতৃয়ে পুৱা গাখীৰ খুৱাই অহা সময়ত শিশুটি সুস্থ আছিল বুলি কোৱাৰ লগতে কোঠাটোত ঠাণ্ডা অনুভৱ কৰিছিল বুলিও কয়। উল্লেখ্য যে মৃত শিশুটিৰ পিতৃক চিকিৎসালয়ৰ চিকিউৰিটিয়ে শাৰীৰিক ভাবে অপদস্ত কৰাৰ অভিযোগো কৰে । চৰকাৰে ৰাজ্যৰ স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তনৰ ঢাক- ঢোল বজাই ফুৰাৰ সময়তো যে ব্যক্তিগতখণ্ডৰ চিকিৎসালয়সমূহক নাকী লগাবলৈ সক্ষম হোৱা নাই, সেয়া এনে ঘটনাই উদঙাই দিছে ৷ এইক্ষেত্ৰ স্বাস্থ্য বিভাগৰ সোপাঢিলা নীতিও জগৰীয়া বুলি সচেতন মহলে মন্তব্য কৰিছে ৷ যাৰ বাবে সাধাৰণ জনতাৰ জীৱনক লৈ হেতালি খেলি আহিছে একাংশ ব্যক্তিগত চিকিৎসালয়ে ৷ তাৰোপৰি ব্যক্তিগত চিকিৎসালয় একাংশত কৰ্মৰত বিভিন্ন বিভাগৰ লোকসকলৰ দক্ষতাকলৈও নানা সময়ত প্ৰশ্ন উত্থাপন হৈ আহিছে ৷   কিন্তু ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এইবোৰলৈ চকু পৰিবনে,সেয়া সময়ত স্পষ্ট হ'ব ৷ ইপিনে,এই বিষয়টোক বঙাইগাঁও জিলা স্বাস্থ্য বিভাগে গুৰুত্বসহকাৰে লোৱা বুলি জানিব পৰা গৈছে ৷

 

Your Comments