'কা' বিৰোধী দল-সংগঠনলৈ কাৰাগাৰৰ পৰা ৭পৃষ্ঠা চিঠি লিখি অখিল গগৈয়ে জনালে আহ্বান

Pic

শুকুৰবাৰে কটকটীয়া নিৰাপত্তাৰ মাজত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা, চমুকৈ 'নিয়া'ৰ আদালতত হাজিৰ কৰোৱা হয় কৃষক নেতা অখিল গগৈক।যোৱা ৪৫দিন ধৰি কাৰাৰুদ্ধ হৈ থকা নেতাগৰাকীয়ে কাৰাগাৰৰ ভিতৰত থাকি সংগ্রামী দল-সংগঠনলৈ আহ্বান জনাই ৭পৃষ্ঠা জোৰা হাতে লিখা এটা টোকা সতীৰ্থৰ জৰিয়তে প্ৰেৰণ কৰিছে।টোকাটোত কৃষক নেতাগৰাকীয়ে উল্লেখ কৰিছে-"কা' বিৰোধী অসমৰ বৰ্তমান সংগ্রামৰ ধাৰাটোক লৈ আমি অতিশয় চিন্তিত, উদ্বিগ্ন,শংকিত।ৰঙা দেৱালৰ মাজত আৱদ্ধ হৈ থাকি গঠনমূলক কিছু কথা ব্যক্ত কৰিব বিচাৰিছো"। "বৰ্তমান আন্দোলনটো সাংঘাতিক ধৰণেৰে দীঘলীয়া, লেহেমীয়া, লক্ষ্যহীন হৈ পৰিছে। আন্দোলনতোক প্ৰতীকধৰ্মীতাই গ্ৰাস কৰিছে"-গগৈয়ে উল্লেখ কৰিছে। 'কা'ৰ বিৰুদ্ধে বৰ্তমান চলি থকা গণ সমাৱেশ, সাংস্কৃতিক প্ৰতিবাদ, গণ গর্জন, ক'লা পতাকা প্ৰদৰ্শন আদিৰ দৰে আন্দোলনলৈ শ্ৰদ্ধা থকা বুলি উল্লেখ কৰি গগৈয়ে আৰু কয়-"বৰ্তমান সময়ত এনে কাৰ্যসূচীয়ে চৰকাৰক এটা নীতিগত সিদ্ধান্ত বদলি কৰিবলৈ বাধ্য নকৰে।'কেব'ৰ বিৰূদ্ধে এইসমূহ আন্দোলন ফলপ্ৰসু আছিল,কিন্তু 'কা'ৰ বিৰূদ্ধে আন্দোলনৰ ৰূপ সলনি কৰাৰ প্ৰয়োজন আছে"। "বলৱৎ হোৱা এখন আইন বাতিল কৰাবৰ বাবে হোৱা আন্দোলন অভূতপূৰ্বধৰণেৰে জোৰদাৰ আৰু প্ৰৱল হোৱা প্ৰয়োজন"-অখিলে লগতে কয়। 'কা' বিৰোধীতাৰে আন্দোলন কেনে হোৱা উচিত তাৰ ৰূপৰেখা অসমৰ জনগণে যোৱা ১০, ১১আৰু ১২ ডিচেম্বৰত অংকন কৰিছিল বুলি উল্লেখ কৰি গগৈয়ে আৰু কয়-'সেই তিনিদিনৰ আন্দোলনৰ পৰা হিংসাত্মক কাৰ্যকলাপ বিয়োগ কৰি দিলেই সঠিক আন্দোলনৰ ৰূপৰেখা এটা ওলাব"। বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্বত গঢ়ি উঠা আন্দোলনটোৰ আটাইতকৈ ইতিবাচক আৰু নেতিবাচক দিশ দুটা উনুকিয়াই কৃষক নেতাগৰাকীয়ে কয়- "ইতিবাচক দিশটো আছিল শান্তিপূৰ্ণ ৰূপটো।নেতিবাচক দিশটো আছিল পূৰ্বৰ গণ বিদ্রোহৰ চোকটো নাইকিয়া হৈ যোৱাটো।" আন্দোলনকাৰী নেতৃত্বই চৰকাৰক কৃত্ৰিমভাৱে ভয় খুৱাবলৈ বিকল্প ৰাজনৈতিক দল গঠনৰ শ্লোগান সঘনে আওৰাব লগা হ'ল আৰু ৰাইজক আশ্বস্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ওপৰত মাত্ৰাধিক গুৰুত্ব দিব লগা হ'ল।দেশৰ সাংবিধানিক নীতি আৰু মূল্যবোধক নাকচ কৰি ৰাজনৈতিকভাৱে উত্থাপন কৰা এটা অসাংবিধানিক বিষয় আমি ৰাজনৈতিকভাৱে মীমাংসা কৰিব লাগিব।শুদ্ধপথৰ কঠোৰ গণ আন্দোলনেহে এনে স্বৈৰাচাৰী সিদ্ধান্তক বদলাব পাৰিব"-অখিল কয়। বিকল্প ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়াতো সময়তকৈ আগতে ঘোষণা কৰা হ'ল বুলি উল্লেখ কৰি কৃষক নেতাগৰাকীয়ে টোকাত উল্লেখ কৰিছে-"এনে ঘোষণাই প্ৰকৃত সংগ্রামী অংশটোক সন্ধিহান কৰি তোলে ।ৰাইজৰ মাজত বু-বু,বা বা সৃষ্টি কৰে আৰু আন্দোলনকাৰী নেতৃবৰ্গৰ বিশ্বাসযোগ্যতাৰ বিৰুদ্ধে শাসকবৰ্গই অপাৰ সুযোগ লাভ কৰে।" এনেদৰে মুঠ ৭পৃষ্ঠা জোৰা টোকা 'নিয়া'ৰ আদালতত সতীৰ্থ হাতত অৰ্পণ কৰে কৃষক নেতা অখিল গগৈয়ে। আনহাতে পুনৰ নিয়াৰ আদালতে কৃষক নেতা গৰাকীক ১৪দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Your Comments