মন্ত্ৰী ভৱেশ কলিতাক বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্বৰ্ধনা  

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

অসম চৰকাৰত নতুনকৈ ৰাজ্যিক শিক্ষা মন্ত্ৰীৰ পদ লাভ কৰা ভৱেশ কলিতাক নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ  বিজেপিৰ  'বড়িগোগ বনভাগ মণ্ডল' সমিতিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাৰ নেতৃত্বত যোৱা এটা সজাঁতি দলে বৃৃৃৃৃহস্পতিবাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। এই দলটোৱে মন্ত্ৰীগৰাকীৰ চৰকাৰী আৱাসত গৈ এখন অসমীয়া গামোচা আৰু অসমীয়াৰ সন্মানৰ প্ৰতীক জাপি-বঁঁটা আদিৰে  সম্বৰ্ধনা জনায়।বড়িগোগ বনভাগ    মণ্ডল সমিতিয়ে মন্ত্ৰীগৰাকীৰ কৰি শিক্ষা ব‍্যৱস্থাক অধিক গতিশীল  কৰি তুলিবলৈ    আহ্বান জনায়।

Your Comments