ভাষাবিদ ড: গোলোক চন্দ্ৰ গোস্বামীৰ দেহাৱসান

#Dr Guluk Chandra Goswami#

 

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট ভাষাবিদ ড: গোলোক চন্দ্ৰ গোস্বামীৰ দেহাৱসান।শুকুৰবাৰে পুৱা ৬.৩০ বজাত বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে অসমীয়া ভাষা-সাহিত্যৰ মহীৰূহ,নীৰৱ সাধক, উচ্চাৰণগত ভাষাতত্বৰ প্ৰাজ্ঞ গৱেষক ড: গোস্বামীৰ।

 

উল্লেখ্য,শান্ত-সৌম্য,ঋষিতুল্য বিৰল ব্যক্তিত্বৰ অধিকাৰী ড:গোস্বামী কিছুদিনৰ পৰা মহানগৰীৰ কে.জি.এম.টি হাস্পতালত চিকিৎসাধীন হৈ আছিল।

 

১৯২৩ চনত মৰিগাঁৱত জন্মগ্ৰহণ কৰা গোস্বামীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৬ বছৰ।

 

অসমীয়া ভাষা-সাহিত্যৰ মহীৰূহগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম সাহিত্য সভাই।ডঃ গোস্বামীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অসম সাহিত্য সভাৰ সভাপতি ড: পৰমানন্দ ৰাজবংশী প্ৰয়াত গোস্বামীৰ গুৱাহাটীৰ বাসগৃহত উপস্থিত হৈ কয়-'আমি অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী অভিভাৱকক হেৰুৱালোঁ।'উল্লেখ্য যে ডঃ গোস্বামীৰ   নশ্বৰ দেহত অসম সাহিত্য সভাৰ কাৰ্যালয়ত অন্তিম শ্ৰদ্ধা জনাব বুলি তেওঁ জানিবলৈ দিয়ে।

 

ড:গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ  শেষকৃত্য সম্পন্ন কৰিবলৈ মুখ্য সচিবক নির্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

Your Comments