লোকসভা-বিধানসভা নিৰ্বাচন একেলগে পতাৰ সম্ভাৱনা নাকচ মুখ্য নিৰ্বাচন আয়ুক্তৰ

লোকসভা-বিধানসভা নিৰ্বাচন একেলগে পতাৰ সম্ভাৱনা নাকচ মুখ্য নিৰ্বাচন আয়ুক্তৰ

দেশৰ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে হ'ব বুলি ব্যাপক জল্পনা-কল্পনা চলিছিল । বিজপিয়ে এই বিষয়টোক লৈ এক জনমত গঠনৰো চেষ্টা চলাইছিল । সম্পূৰ্ণ ৰাজনৈতিক স্বাৰ্থত বিজেপিয়ে দেশত এবাৰতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ নিৰ্বাচন অনুষ্ঠিত কৰাত গুৰুত্ব আৰোপ কৰিছিল । 

ছত্তীশগড়ত ৫ জানুৱাৰীত, মধ্য প্ৰদেশত ৭ জানুৱাৰীত, ৰাজস্থানত ২০ জানুৱাৰীত আৰু মিজোৰামত অহা ১৫ ডিচেম্বৰত ৰাজ্য চৰকাৰসমূহৰ কাৰ্যকাল উকলিব । মোডী চৰকাৰে সময় আৰু খৰচৰ দিশটো সন্মুখত দেখুৱাই একেলগে নিৰ্বাচন পতাত গুৰুত্ব আৰোপ কৰিছিল ।

লোকসভা-বিধানসভা নিৰ্বাচন একেলগে পতাৰ সম্ভাৱনা নাকচ মুখ্য নিৰ্বাচন আয়ুক্তৰ

একাংশ ৰাজনৈতিক বিশেষজ্ঞই এই ক্ষেত্ৰত সহমত প্ৰকাশ কৰিছিল । পিছে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত অ' পি ৰাৱাটে এই বিষয়টো সম্পূৰ্ণ নাকচ কৰিছে । কোনো পৰিস্থিতিতে নিৰ্বাচন একেলগে অনুষ্ঠিত কৰা সম্ভৱ নহয় বুলি ৰাৱাটে স্পষ্ট কৰি দিয়ে ।

এই ক্ষেত্ৰত কোনো ৰাজনৈতিক দলৰ অনুৰোধক গুৰুত্ব দিয়া সম্ভৱ নহয় বুলি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে মত প্ৰকাশ কৰে । নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিবলৈ সংবিধানৰ সংশোধনৰো প্ৰয়োজন হ'ব ।

লক্ষ্য কৰিবলগা বিষয়টো হ'ল, ২০১৯ৰ লোকসভা নিৰ্বাচনলৈ বহুকেইখন ৰাজ্য চৰকাৰৰ কাৰ্যকাল ৪ বছৰতকৈ কম সময় আছে । ৫ বছৰ সম্পূৰ্ণ কৰিব নোৱাৰিলে মন্ত্ৰী-বিধায়কসকলে পেণ্সন পোৱাৰ পৰা বঞ্চিত হ'ব । উল্লেখ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ পোষকতা কৰি আহিছে।
 

Your Comments