চাৰিটা দিন সোধ-পোচৰ অন্তত 'নিয়া'ই গ্ৰেপ্তাৰ কৰিলে ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰক

Pic

কৃষক মুক্তি সংগ্রাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰক গ্ৰেপ্তাৰ।ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা,চমুকৈ 'নিয়া'ই বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছে ছাত্ৰ নেতাগৰাকীক।বিগত চাৰি দিন ধৰি ছাত্ৰ নেতা কোঁৱৰক নিয়াই সোধ-পোচৰ বাবে আটক কৰি ৰাখিছিল।তাৰ পিছত আজি গ্ৰেপ্তাৰ কৰে ছাত্ৰ নেতাগৰাকীক‌।উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন- ২০১৯ৰ বিৰুদ্ধে আন্দোলনত উজনি অসমত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল কোঁৱৰে।

গুৰুত্বপূৰ্ণ কথা এই যে কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈ, সম্পাদক ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ নেতা বিতু সোণোৱালৰ পিছত 'কা' বিৰোধী আন্দোলনৰ পটভূমিত নিয়াৰ হাতত গ্ৰেপ্তাৰ হোৱা একেটা সংগঠনৰে মানস কোঁৱৰ হৈছে চতুৰ্থগৰাকী সদস্য।বৰ্তমান সময়ত বাকী তিনিগৰাকী গ্ৰেপ্তাৰ হোৱা সদস্য গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে।

Your Comments