জামুগুৰিহাটত চতিয়া সমষ্টিৰ উন্নয়নৰ সফলতা-বিফলতাৰ পৰ্য্যালোচনা সভা

Pic

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা:

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বাপুজী ভৱনত বৃহস্পতিবাৰে জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙকে ধৰি অসম চৰকাৰৰ সকলো বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত হয় চতিয়া সমষ্টিৰ উন্নয়নৰ সফলতা-বিফলতাৰ এখন পৰ্য্যালোচনা সভা ৷ সভাত প্ৰতিটো বিভাগৰ চৰকাৰী আচঁনিসমূহৰ খুটি-নাটি দাঙি ধৰাৰ লগতে আগন্তুক সময়ত সমষ্টিটোৰ  ৰাইজ উপকৃত হ'ব পৰাকৈ আচঁনিসমূহ সঠিকভাৱে ৰূপায়ণৰ প্ৰতিশ্ৰুতি আগবঢ়ায়।চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত চতিয়া সমষ্টিৰ প্ৰতিটো পঞ্চায়তৰ পঞ্চায়ত কৰ্মীসকলৰ লগতে গাওঁৰক্ষী বাহিনী আৰু গাওঁবুঢ়াসকলো উপস্থিত থাকে ৷

Your Comments