অসমবাসীৰ বাবে এটা ভাল খবৰ ! অসম সন্তান প্ৰজ্ঞান মেধি ভাৰতৰ ১৫ অনূৰ্ধ্ব ফুটবল দললৈ নিৰ্বাচিত হৈছে । এসময়ত ভাৰতীয় খাদ্য নিগমৰ হৈ খেলা ৰাজ্যিক ফুটবলাৰ প্ৰয়াত প্ৰাজ্ঞল মেধিৰ পুত্ৰ প্ৰজ্ঞান গুৱাহাটীৰ ছাউথ পইণ্ট স্কুলৰ ছাত্র ।
উল্লেখ্য যে প্ৰাঞ্জল মেধিয়ে ১৯৭৯ চনত ভাৰতীয় দলৰ উপ-অধিনায়ক হিচাপে চাংহাইত প্ৰথম আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল ৷ কাকতালীয়ভাৱে পুত্ৰ প্ৰজ্ঞান মেধিয়েও চাংহাইতে ভাৰতীয় দলৰ হৈ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ফুটবলত অংশগ্ৰহণ কৰিব ৷
চীনত আয়োজিত আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা জিনছান ইণ্টাৰনেচনেল য়ুথ ফুটবল চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ খেলিবলৈ প্ৰজ্ঞানে আজি চীনলৈ উৰা মাৰিছে ।
প্ৰজ্ঞানক এইটো স্তৰলৈ অনাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আছে বৰদেউতাক তথা ছানৰাইজ ক্লাবৰ ৰঞ্জন মেধিৰ ।
প্ৰজ্ঞানৰ খেলৰ প্ৰতি লক্ষ্য ৰাখি ৰঞ্জন মেধিয়ে পুনেৰ ফুটবল একাডেমীত তেওঁক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে । আনহাতে, জ্যেষ্ঠ ভাতৃ প্ৰয়াগ মেধিও প্ৰজ্ঞানৰ এই সফলতাৰ অন্যতম অনুপ্ৰেৰণা ৷
কনিষ্ঠ ভাতৃৰ খেলৰ প্ৰতি থকা ধাউতি আৰু প্ৰতিভাৰ বাবেই প্ৰতি মুহূৰ্ততে জ্যেষ্ঠ ভাতৃ প্ৰয়াগে তেওঁক অনুপ্ৰেৰণা যোগাই আহিছে ৷ উল্লেখ্য যে প্ৰয়াগ মেধিৰো অসাধাৰণ ফুটবল প্ৰতিভা আছিল যদিও সেয়া প্ৰকাশ নোহোৱাকৈয়ে থাকি গ'ল ৷ মাতৃ প্ৰীতি মেধিৰ এই ক্ষেত্ৰত অৱদান সকলোতকৈ উচ্চ ৷ নিজৰ পুত্ৰৰ ফুটবল প্ৰতিভা আৰু ফুটবলৰ প্ৰতি থকা অনুৰাগক উপলব্ধি কৰিয়েই সকলো প্ৰকাৰে উৎসাহ-উদ্দীপনা যোগোৱাৰ লগতে সহায়-সহযোগিতা আগবঢ়াই আহিছে মাতৃ প্ৰীতি মেধিয়ে ৷
ওড়িশাত অনুষ্ঠিত ভাৰতীয় দলৰ নিৰ্বাচনী নিৰ্বাচনী শিবিৰলৈ পোনপটীয়াভাৱে আমন্ত্ৰণ পোৱা প্ৰজ্ঞানক ভাৰতীয় ফুটবল সন্থাই ভাৰতৰ ১৫ অনূৰ্ধ্ব দলৰ বাবে নিৰ্বাচিত কৰে । প্ৰজ্ঞানে ভাল প্ৰদৰ্শন কৰিব বুলি সকলো আশাবাদী ।
- Log in to post comments
- 134 views