গুৱাহাটী বিশ্ববিদ্যালয়ত জ্বলিল 'কা'ৰ ৰাজপত্ৰিত অধিসূচনা

#গুৱাহাটী বিশ্ববিদ্যালয়ৰ#

উচ্চতম ন্যায়ালয়ে 'নাগৰিকত্ব সংশোধনী আইন-২০১৯' সন্দৰ্ভত শুনানি গ্ৰহণ কৰাৰ বুধবাৰৰ দিনটোতে উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে শ্রেণী বৰ্জন কৰি ওলাই আহিছে প্ৰতিবাদলৈ।উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে নিজ নিজ বিশ্ববিদ্যালয়ৰ চৌহদত গঢ়ি তুলিছে প্ৰতিবাদী কাৰ্যসূচী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূলপ্ৰৱেশদ্বাৰ সন্মুখত বুধবাৰে পুৱাই ছাত্ৰ সমাজে শ্রেণীকক্ষ বৰ্জন কৰি দাহ কৰে 'কা'ৰ ৰাজপত্ৰিত অধিসূচনা প্ৰতিলিপি।প্ৰতিলিপি দাহ কৰি ছাত্ৰ সমাজে চৰকাৰক হুচিয়াৰ কৰি শ্লোগান দি কয়- "কা' আমি নামানো, দিল্লী-দিছপুৰ হুচিয়াৰ, বিজেপি গ' বেক।" ইফালে,প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে কয় -'ৰাজপত্ৰ জ্বলাই চৰকাৰক সকীয়াই দিছোঁ অসমৰ ছাত্ৰ সমাজ আৰু জনসাধাৰনে কা'ৰ নামানে।' উচ্চতম ন্যায়ালয়ৰ ওপৰত আস্থা থকা বুলি উল্লেখ কৰি তালুকদাৰে লগতে কয়-'বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি জনতাই কোনো কাৰণতে মানি নলয়।'৭১ৰ পিছত অহা কোনো বিদেশীৰ বোজা অসমে মানি নলয়।' 'কা' যেতিয়ালৈকে বাতিল নহ'ব, তেতিয়ালৈকে বিজেপিৰ বিৰুদ্ধে ছাত্ৰ সমাজে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি উল্লেখ কৰে মুন তালুকদাৰে।

Your Comments