বিৰাট কোহলিলৈ আইচিচিৰ 'স্পিৰিট অব ক্ৰিকেট বঁটা',ৰোহিত শৰ্মালৈ '২০১৯ বৰ্ষৰ এদিনীয়া ক্ৰিকেটাৰ বঁটা'

Pic

ভাৰতীয় অধিনায়ক বিৰাট কোহলিক  প্ৰশংসনীয় খেলুৱৈসুলভ আচৰণ প্ৰদৰ্শনৰ বাবে আইচিচিয়ে ২০১৯ বৰ্ষৰ 'স্পিৰিট অব ক্ৰিকেট বঁটা' আৰু বেটছমেন ৰোহিত শৰ্মাক '২০১৯ বৰ্ষৰ এদিনীয়া ক্ৰিকেটাৰ বঁটা'ৰে সন্মানিত কৰিছে।উল্লেখযোগ্য যে বিগত বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত বিৰাট কোহলিয়ে ষ্টিভ স্মিথৰ বাবে হাত চাপৰি মাৰিবলৈ ষ্টেডিয়ামৰ ভাৰতীয় দলৰ সমৰ্থকসকলক আহ্বান জনাইছিল।সেই সময়ত দৰ্শকসকলে ষ্টিভ স্মিথৰ প্ৰতি কটুক্তি কৰি আছিল।আনহাতে,ৰোহিত শৰ্মাক ২০১৯ বৰ্ষত এদিনীয়াত যথেষ্ট উন্নত প্ৰদৰ্শন কৰাৰ বাবে উক্ত বঁটা প্ৰদান কৰা হৈছে।

Your Comments