ডিব্ৰুগড়ত 'কা'ৰ বিৰোধিতাত বিশাল প্ৰতিবাদী কাৰ্যসূচী 'জনতাৰ গৰ্জন'

Pic

ডিব্ৰুগড়ৰ পৰা মৃদুল কুমাৰ গগৈৰ প্ৰতিবেদন:

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা,সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থা,বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসীৰ ৰাইজৰ সহযোগত মঙলবাৰে চৌকিডিং খেলপথাৰত নাগৰিকত্ব(সংশোধনী) আইন(কা)বিৰোধী 'জনতাৰ গৰ্জন' বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

Pic

এই প্ৰতিবাদী কাৰ্যসূচীত বুদ্ধিজীৱী আৰু শিল্পী সমাজ,উকীল সন্থা,ব্যৱসায়ী সন্থা,গাঁৱৰ আৰু নগৰৰ ৰাইজৰ জনসমুদ্ৰ পৰিলক্ষিত হয়।উদাত্ত ভাষণ,বিভিন্ন শ্লোগানে আকাশ-বতাহ কঁপাই তোলে ।

Pic

সমাগমত সকলো নাগৰিকে সমস্বৰে চিঞৰে-আমি 'কা'নামানো,আমি 'কা' নামানো,আমি 'কা' নামানো।

Your Comments