নগাঁৱৰ চিত্ৰশিল্পী ৰাজীৱ দাসক 'ডঃআম্বেদকাৰ কলাশ্ৰী ৰাষ্ট্ৰীয় সন্মান' প্ৰদান

Pic

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁঁৱৰ অগ্ৰণী চিত্ৰ-ভাস্কৰ্য শিক্ষানুষ্ঠান আনুপূৰ্বিক চিত্ৰ-ভাস্কৰ্য বিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট চিত্ৰশিল্পী ৰাজীৱ দাসে 'ডঃ আম্বেদকাৰ কলাশ্ৰী ৰাষ্ট্ৰীয় সন্মান-২০১৯' লাভ কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। ভাৰতীয় দলিত সাহিত্য একাডেমী নামৰ সংগঠনটোৱে অলপতে দিল্লীত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দাসক এই সন্মান প্ৰদান কৰে। এই বঁটাত আছে মানপত্ৰ, মমেন্ট', শ্বলকে ধৰি বিভিন্ন উপহাৰ। সাংস্কৃতিক দিশত বিশেষ পাৰদৰ্শিতা দেখুওৱা ৰাজীৱ দাসকে ধৰি দেশখনৰ বিভিন্ন ৰাজ্যৰ মুঠ ৮ জন ব্যক্তিক এই সন্মান প্ৰদান কৰা হৈছে। উল্লেখ্য যে নগাঁও চহৰৰ পানীগাঁও নেতাজী ৰোড নিবাসী ৰাজীৱ দাস দীৰ্ঘদিন ধৰি চিত্ৰকলাৰ লগত জড়িত। ইয়াৰ পূৰ্বেও তেওঁ ইন্টাৰনেচনেল অ'নাৰ এৱাৰ্ড, ডঃ আম্বেদকাৰ ফেল'শ্বিপ বঁটা, নন্দশ্ৰী বঁটা, চিত্ৰকৃত বঁটা, জাতীয় ফটোগ্ৰাফী বঁটা, ৰাষ্ট্ৰীয় শিখৰ সন্মানকে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় বঁটা লাভ কৰি অসমৰ লগতে নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Your Comments