ঘগ্ৰাপাৰৰ চটাইবাৰীত একেদিনাই এঘাৰটা আঁচনিৰ কামৰ শুভাৰম্ভণি বিধায়ক অশোক শৰ্মাৰ

Pic

নৰেন শৰ্মা,বাহাৰঘাট: নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত চটাইবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন স্থানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই সোমবাৰে একেদিনাই এঘাৰটা চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৭/১৮ বৰ্ষৰ পুঁঁজিৰ কামৰ শুভাৰম্ভণি কৰে।বিধায়ক শৰ্মাই আধাশিলাৰ স্থাপন কৰা আঁচনিকেইটা হৈছে চটাইবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰঙাফালিত ৰাজহুৱা শ্মশান জিৰণি ঘৰ, মহিনাত সাংস্কৃতিক মঞ্চ,ধমধমা শ্মশানৰ জিৰণি গৃহ, চটাইবাৰী এম.ই স্কুলৰ চাৰিসীমাৰ পকীবেৰ নিৰ্মাণ, ভেলামাৰী শ্মশানৰ জিৰণি ঘৰ, মাজুশিৰালত ঈদগাহ ময়দান ( মছজিদ) উন্নয়নৰ কামকে ধৰি পঞ্চায়তখনত মুঠ এঘাৰটা গ্ৰামোন্নয়ন আঁচনি । ৰঙাফালি কৃষ্ণ মন্দিৰ প্ৰাংগণত চটাইবাৰী গাঁও পঞ্চায়তৰ সভাপতি দীপুল পাটোৱাৰীয়ে সঞ্চালনা কৰা আধাৰশিলা স্থাপন অনুষ্ঠানটোৰ আঁত ধৰে সচিব জ্ঞানেন কাকতীয়ে। অনুষ্ঠিত বিধায়ক শৰ্মাই অংশগ্ৰহণ কৰি চতুৰ্দশ বিত্তীয় আয়োগৰ আ‍ঁচনিৰ কামত যাতে কোনো দুৰ্নীতি -অনিয়ম সংঘটিত নহয়,তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক সতৰ্ক কৰি দিয়াৰ লগতে ৰাইজক কামসমূহৰ ওপৰত চোকা নজৰ ৰাখিবলৈ আহ্বান জনায়। ৰাইজ সজাগ থাকিলেহে চৰকাৰী আঁচনিৰ কাম সঠিকভাৱে হয় বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে। শুভাৰম্ভণি অনুষ্ঠানত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ নৱ -নিৰ্বাচিত সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,চটাইবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰঙাফালি গাঁও পঞ্চায়তৰ গাঁও সভাৰ সদস্য বাদল দাসকে ধৰি ভালেসংখ্যক বিজেপিৰ নেতা-কৰ্মী,স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

Your Comments