বঙাইগাঁৱৰ প্ৰতিবেদক:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি দেওবাৰে বৃহত্তৰ বঙাইগাঁও কবি সমাজৰ উদ্যোগত বঙাইগাঁৱৰ ডাংতলত 'বিৰোধ' শীৰ্ষক কবিতাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷অনুষ্ঠানৰ আৰম্ভণিতে 'কা' বিৰোধী আন্দোলনৰ ছহিদসকলক স্মৰণ কৰা হয়।লগতে সুৰেশ চন্দ্ৰ ৰায়ে ছহিদসকলক সুঁৱৰি বক্তব্য প্ৰদান কৰে।ইয়াৰ পিছতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'জননীৰ সন্তান' শীৰ্ষক গীতটিৰে 'বিৰোধ' অনুষ্ঠান আৰম্ভ কৰা হয়।নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে অনুষ্ঠিত এই অনুষ্ঠানত ৰিংকু মণি ঠাকুৰীয়া,ৰাস্না বনিয়া ,লিপিকা ৰায়,শকুন্তলা চৌধুৰী,মালা বৰুৱা,মঞ্জুপ্ৰভা বৰুৱা ডাকুৱা,কৃষাণ নাথ,সুৰেশ চন্দ্ৰ ৰায় ,ময়দান আলি আহমেদ,মহম্মদ ৰাজা,নাজনিন চুলতানা,পিংকী শৰ্মা বৰদলৈ,ববিতা কলিতা, নিলতি ৰায় আৰু গায়ত্ৰী দেৱী আদিকে ধৰি প্ৰায় ৫০ গৰাকী কবিয়ে কবিতা পাঠেৰে বিজেপি চৰকাৰৰ জাতিধ্বংসী আইনখনৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ সেইদৰে অনুষ্ঠানত মানস ৰবীনৰ 'দেশ জাগিছে জাতি জাগিছে'শীৰ্ষক গীতটিও পৰিৱেশন কৰে ৷ আনহাতে,সমাজকৰ্মী তথা অসম আন্দোলনৰ নেতা প্ৰভাত বৈষ্ণৱ , বঙাইগাঁৱৰ জ্যেষ্ঠ সংবাদিক ৰঞ্জিত কুমাৰ শৰ্মা , কবি পংকজ পৰাণ বৰ্মন আদিয়ে কেন্দ্ৰীয় চৰকাৰে অসমবাসীৰ প্ৰতিবাদক আওকাণ কৰি অসমীয়া জাতিক ধ্বংস কৰাৰ বাবে জাপি দিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি বক্তব্য প্ৰদান কৰাৰ লগতে আইনখন বাতিল কৰাৰ বাবে দাবী জনায় ৷ উল্লেখ্য যে অনুষ্ঠানত অংশগ্ৰহণ কৰাসকলে আইনখনৰ বিৰোধিতা কৰি নানা শ্লোগান দিয়াৰ লগতে আইনখন বাতিল কৰাৰ বাবে দাবী জনায় ৷
- Log in to post comments
- 13 views