বঙাইগাঁৱৰ প্ৰতিবেদক:
সদৌ অসম উকীল সন্থাৰ আহ্বানত দেওবাৰে বঙাইগাঁৱতো উকীলসকল ৰাজপথলৈ ওলাই আহি অসাংবিধানিক 'নাগৰিকত্ব সংশোধনী আইন- ২০১৯' বাতিলৰ দাবীত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও উকীল সন্থাৰ উদ্যোগত উকীলসকলে হাতে-হাতে বেনাৰ আৰু আৰু প্লেকাৰ্ড লৈ বঙাইগাঁও গান্ধী ময়দানৰ পৰা সমদল কৰি আহি বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে 'কা' বাতিল কৰক,অসাংবিধানিক নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখক আদি বিভিন্ন শ্লোগানো দিয়ে ৷ প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচীৰ অন্তত বঙাইগাঁও উকীল সন্থাই অসাংবিধানিক নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিলৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰে ৷ উকীল সন্থাই সদৌ অসম উকীল সন্থাৰ তৰফৰ পৰাও একে দাবীত ৰাষ্ট্ৰপতিগৰাকীলৈ আন এখন স্মাৰকপত্ৰখন প্ৰেৰণ কৰে ৷ স্মাৰকপত্ৰ দুখন কাৰ্যবাহী দণ্ডাধীশ মাচুম ইউছুফ আহমেদে গ্ৰহণ কৰে ৷ প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচীত বঙাইগাঁও উকীল সন্থাৰ সভাপতি হৰেশ্বৰ দাস, সাধাৰণ সম্পাদক প্ৰকাশ দাস তথা অন্যান্য বিষয়ববীয়াসকলৰ লগতে উকীলসকলে অংশগ্ৰহণ কৰে ৷
- Log in to post comments
- 12 views