বঙাইগাঁৱত 'আছু'ৰ আহ্বানত 'কা' বাতিলৰ দাবীত মহিলাৰ অৱস্থান ধৰ্মঘট:অংশগ্ৰহণ কৰিলে মাৰোৱাৰী সমাজেও

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শনিবাৰে বঙাইগাঁৱতো 'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বাতিলৰ দাবীত মহিলাসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় ছহিদ ভৱন প্ৰাংগণত দুঘণ্টীয়াকৈ ৰূপায়ণ কৰা মহিলাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বঙাইগাঁৱৰ মাৰোৱাৰী সমাজৰ হৈ মহিলাসকলেও অংশগ্ৰহণ কৰে ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰা মহিলাসকলে 'কা' আমাক নালাগে, কা বাতিল কৰিবই লাগিব, নাৰীশক্তি জিন্দাবাদ, জাতিধ্বংসী আইন আমি নামানো, জয় আই অসম, খেদ ঐ খেদ বিদেশীক খেদ, তুমি যদি অসমীয়া ৰাজপথলৈ ওলাই আহা, বিজেপি চৰকাৰ হুচিয়াৰ,এই জুই জ্বলিছে জ্বলিবই, সংগ্ৰাম চলিছে চলিবই, সৰ্বানন্দ সোণোৱাল চৰকাৰ হুচিয়াৰ আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷অৱস্থান ধৰ্মঘটস্থলীত বিভিন্নজনে বক্তব্যও প্ৰদান  কৰে।সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পুলেন ৰাজবংশীয়ে আঁত ধৰা অনুষ্ঠানত বঙাইগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা ৰেণুকা দাস, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক অঞ্জন কলিতা, বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি  বিনোদ নাথ,জয়াৰাণী অধিকাৰী,বঙাইগাঁও বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা সুভদ্ৰা দাস বড়োকে আদিয়ে নাগৰিকত্ব সংশোধনী আইনখন বাতিলৰ দাবী জনাই বক্তব্য  প্ৰদান কৰাৰ লগতে নাজনীন চুলতানা,গায়ত্ৰী দেৱীয়ে কবিতা পাঠ কৰে ৷ সেইদৰে অপৰাজিতা দিহা নাম দলে নাম পৰিৱেশন কৰি আইনখনৰ বিৰোধিতা কৰে৷অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কুলজিৎ ৰায়, সাধাৰণ সম্পাদক জগদীশ ৰায়ৰ লগতে সমাজকৰ্মী প্ৰভাৱ বৈষ্ণৱ,আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায় তথা আছু কৰ্মী উপস্থিত থাকে।

 

Your Comments