নগাঁৱৰ পৰা ৱাহিদুদ জামান: নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ বিৰুদ্ধে আজিও উত্তাল হৈ পৰে নগাঁও চহৰ। ছাত্ৰ সমাজ, অধিবক্তা, টেম্পু চালক আদিয়ে 'কা'ৰ বিৰুদ্ধে শুকুৰবাৰে নগাঁও চহৰত প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁও উকিল সন্থাৰ উদ্যোগত শুকুৰবাৰে নগাঁৱৰ অধিবক্তাসকলে 'কা' প্ৰত্যাহাৰৰ দাবীত নগাঁও চহৰত এক প্ৰতিবাদী সমদল উলিয়াই। সন্থাৰ সভাপতি আবুল হাচিম খন্দকাৰ আৰু সাধাৰণ অজিত কুমাৰ বৰাৰ নেতৃত্বত নগাঁৱৰ অধিবক্তা সমাজে 'কা' প্ৰত্যাহাৰৰ দাবীত বিভিন্ন শ্লোগান দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ অন্তত নগাঁও উকিল সন্থাই জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ বুলি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। পিছত সংবাদ মাধ্যমৰ আগত সন্থাৰ সভাপতি আবুল হাচিম খন্দকাৰে কয়, 'কা' সংবিধান বিৰোধী। এই আইনে অসমীয়া ভাষা-সংস্কৃতি বিপন্ন কৰিব। সেয়ে 'কা' আমি কোনো কাৰণতে নামানো। 'কা' ৰ বিৰুদ্ধে অবিৰত সংগ্ৰাম চলাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে উকিল সন্থাই। ইপিনে, নগাঁও জিলা ছাত্ৰ সমাজৰ উদ্যোগত আজি নগাঁও চহৰত মহাবিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদী সমদল বাহিৰ কৰে। নগাঁও মহাবিদ্যালয়, আনন্দৰাম ঢেকিয়াল ফুকনৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত খাগৰিজান মহাবিদ্যালয়, নগাঁও ছোৱালী কলেজ, আলফা বিটা কনিষ্ঠ মহাবিদ্যালয়, কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়, ডাইমেনছন জুনিয়ৰ কলেজ, মেট্ৰিক্স কনিষ্ঠ মহাবিদ্যালয়কে ধৰি কেবাখনো কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে আজি কলঙৰ বাকৰি নেহৰুৱালিত সমবেত হৈ এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। প্ৰতিবাদী সভাত প্ৰতিখন মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধিয়ে ভাষণ দি 'কা' শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায়। এই প্ৰতিবাদী সভাত বিশিষ্ট সাহিত্য-সমালোচক প্ৰভাত বৰা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, নগাঁও জিলা ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধিয়ে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি 'কা' প্ৰত্যাহাৰৰ দাবী জনায়। ইয়াৰ পিছতেই প্ৰায় দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে নগাঁও চহৰত এটা বিশাল প্ৰতিবাদী সমদল উলিয়াই। নগাঁও জিলা ছাত্ৰ সমাজৰ উদ্যোগত উলিওৱা এই সমদলত ছাত্ৰ-ছাত্ৰী সকলে 'কা' আমি নামানো, কা বাতিল হ'বই লাগিব, ছাত্ৰ সমাজ জাগিছে জাগিবই, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, জাতিদ্ৰোহী অতুল-কেশৱ নিপাত যাঁওক আদি বিভিন্ন ধ্বনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। সমদলৰ অন্তত নগাঁও জিলা ছাত্ৰ সমাজৰ তৰফৰ পৰা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ 'কা' প্ৰত্যাহাৰৰ দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ইপিনে, সদৌ নগাঁও জিলা টেম্পু চালক সন্থাৰ উদ্যোগত টেম্পু চালক সকলে আজি পুৱা ১১.৩০বজাত নগাঁও চহৰত 'কা'ৰ বিৰুদ্ধে এক প্ৰতিবাদী মিচিল বাহিৰ কৰে। টেম্পু চালক সকলেও 'কা' বিৰোধী শ্লোগান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। আনহাতে, নগাঁও জিলা মুক্তি যুজাৰু সন্মিলনৰ উদ্যোগত আজি জাতিধ্বংসী 'কা'ৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। মুক্তি যুজাৰু সকলেও অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয়, কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰবল জনমতক নেউচি 'কা' জাপি দিছে। 'কা'ই অসমীয়া ভাষা-সংস্কৃতিক বিপন্ন কৰাৰ লগতে অসমীয়া জাতিক সংখ্যালঘুত পৰিনত কৰিব। অসমীয়া জাতি বিৰোধী, সংবিধান বিৰোধী 'কা' আমি কোনো কাৰণতে নামানো। নগাঁও চহৰৰ লগতে জিলাখনৰ বিভিন্ন দল-সংগঠনে 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।
- Log in to post comments
- 22 views